এতিয়া সৰ্বত্ৰ ল’ক ডাউন। ল’ক ডাউনৰ ফলত বন্দ হৈ আছে ছবিৰ শ্বুটিং। অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীসকলে এতিয়া ঘৰতে পাৰ কৰিছে সময়। ল’ক ডাউনৰ মাজতে বিবাহ বাশত আবদ্ধ হ’ল নেকি জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দীপলীনা ডেকা? অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিলে কইনাৰ ৰূপত ফটো। ছচিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীয়ে ফটো শ্বেয়াৰ কৰাৰ পিছতে ছচিয়েল মিডিয়াত লাভ কৰে ব্যাপক চৰ্চা। আচলতে যোৱা মাৰ্চ মাহতে অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছিল কইনাৰ সাজত ফটো। পিছে এয়া অভিনেত্ৰীগৰাকীৰ বিয়াৰ ফটো নহয়। মধুলগনত নামৰ এটি গীতৰ শ্বুটিঙৰ ফটোহে। গীতৰ প্ৰচাৰৰ বাবে এনেদৰে অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছিল ফটো। ইফালে এতিয়া এনেদৰেই এতিয়া সেউজীয়াৰ মাজত বিলীন হৈছে অভিনেত্ৰী দীপলীনা ডেকা। অলপতে জুবিন গাৰ্গ লগত দীপলীনাই কণ্ঠদান কৰা এটি গীতে লাভ কৰিছে বিশেষ জনপ্ৰিয়তে।