কণী আমাৰ শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়। কিন্তু অধিকসংখ্যক ৰোগৰ ক্ষেত্ৰত কণী খোৱাত থাকে নিষেধাজ্ঞা। পূৰ্বে জনা গৈছিল যে যিসকলৰ কলেষ্টৰেল আছে তেওঁলোকে কণীৰ কুহুম বাদ দি বগা অংশ খোৱা উচিত। কিন্তু Nutritionist মুনমুন গানেৰিৱালে জনাইছে যে কণীৰ কুহুমসহ কণী খোৱা উচিত। ইয়াত কলেষ্টৰেল থাকিলেও প্ৰচূৰ পৰিমাণে ফছফৰ লিপিড থাকে।
এইসমূহ বায়’এক্টিভ লিপিড্ছ বা ফেট, যিয়ে কলেষ্টৰেল মেটাবলিজিমত ভাল প্ৰভাৱ পেলায়। এইচডিএল আৰু ইনফ্লেমেচনৰ বাবে ভাল প্ৰভাৱদায়ী।
গৱেষকসকলে জনাইছে যে কণীয়ে কলেষ্টৰেলত বেয়া প্ৰভাৱ নেপেলায়। ইয়াত প্ৰচূৰ পৰিমাণে প্ৰয়োজনীয় নিউট্ৰিয়েন্টছ থাকে। থাকে প্ৰটিন, ভিটামিন বি, আইৰণ, স্বাস্থ্যকৰ ফেট, ভিটামিন আৰু বহু গুণ।
কণীৰ সকলোতকৈ ভাল কথাটো হ’ল ইয়াক বিভিন্ন ধৰণে খাব পাৰি। কণীৰ কাৰী বা ভুজিয়াৰে ৰুটি, ভাত খাব পাৰি। ইয়াৰ উপৰি অমলেট আৰু সিদ্ধ কণী আছেই।
এদিনতে খুব বেছি কণী যিদৰে খোৱা উচিত নহয়, সেইদৰে কণী একেবাৰে বাদ দি খাদ্যাভাস কৰাটোও বেয়া। দিনত এটা বা দুটা কণী খাব পাৰি।
কাৰোবাৰ যদি কলেষ্টৰেল লেভেল খুব কম হয় তেন্তে ডায়েট আৰু লাইফষ্টাইলত দ্ৰুত পৰিৱৰ্তন আনিব লাগে। নহ’লে বিশেষজ্ঞৰ সৈতে আলোচনা কৰি কিদৰে সেয়া পৰিৱৰ্তন কৰা যাব তাক জানি ল’ব লাগে। এয়া অৱশ্যে নিউট্ৰিচনিষ্টৰ ব্যক্তিগত মত, News18 অসমৰ নহয়।
দুটা ইংৰাজী ফুটবল ক্লাব লিভাৰপুল আৰু টটেনহম হটছপুৰৰ মাজত অনুষ্ঠিত হোৱা ইউৰোপীয় চেম্পিয়নছ লীগ ফাইনেলত আজৱ ঘটনা সংঘটিত হ’ল। যাৰ বাবে আধাতে সামৰিব লগা হ’ল খেল।
কিংছে ব’লানস্কী নামৰ এগৰাকী মডেলে প্ৰেমিক বিটালীৰ প’ৰ্ণ ছাইটক প্ৰম’ট কৰিবলৈ এনেদৰে প্ৰৱেশ কৰিছিল খেলৰ মাজতে। মডেলগৰাকীয়ে প্ৰেমিকৰ ৱেব ছাইটৰ নাম লিখি ৰাখিছিল ছুইমছুটৰ পাছফালে।
ব’লানস্কীয়ে খেলপথাৰত প্ৰৱেশ কৰা নিজৰ ভিডিঅ’ নিজেই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে। এই পোষ্টৰ পিছতে মডেলগৰাকীৰ ফল’ৱাৰ বাঢ়ি গৈ আছিল।
ওড়িশাৰ বালাচোৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছে বিজেপিৰ প্ৰতাপ চন্দ্ৰ সাৰংগী। তেওঁ বিজেডিৰ প্ৰতিদ্বন্দ্বী ৰবীন্দ্ৰ কুমাৰ জেনাক ১২,৯৫৬ ভোটত পৰাস্ত কৰিছে। উল্লেখযোগ্য যে ২০১৪চনত তেওঁ লোকসভাত যুঁজি পৰাস্ত হৈছিল।
ছচিয়েল মিডিয়াত এইকেইদিন কেৱল প্ৰতাপ চন্দ্ৰ সাৰংগীৰে চৰ্চা। মানুহে তেওঁক ওড়িশাৰ মোদী আখ্যা দিছে। অবিবাহিত এইগৰাকী ব্যক্তি এটা জুপুৰীত বাস কৰে। আৰ্থিক দৈন্যৰ সৈতে যুঁজিও তেওঁ দীঘলীয়া সময় সমাজসেৱাত সক্ৰিয়ভাৱে জৰিত হৈ আছে।
বালাসোৰৰ গোপীনাথপুৰৰ এটা দৰিদ্ৰ পৰিয়ালত তেওঁৰ জন্ম। উৎকল বিশ্ববিদ্যালয়ৰ ফকীৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। মানুহে কয় সৰুৰে পৰা আধ্যাত্মিকতাৰ সৈতে নিকট সম্পৰ্ক নৱ নিৰ্বাচিত সাংসদগৰাকীৰ।
এসময়ত ৰামকৃষ্ণ মঠত সাধু হোৱাৰ বাসনা আছিল ব্যক্তিগৰাকীৰ। কেইবাবাৰো তেওঁ মঠলৈ অহা যোৱাও কৰিছিল। কিন্তু যেতিয়া মঠৰ মানুহে গম পালে যে তেওঁৰ পিতৃ নাই আৰু মাতৃ অকলশৰীয়া মঠৰ মানুহে তেওঁক মাতৃৰ সেৱা কৰিবলৈ আহ্বান জনায়।
তেওঁ বালাসোৰ আৰু ময়ুৰভঞ্জ জিলাৰ আদিবাসী এলেকাত কেইবাখনো বিদ্যালয় নিৰ্মাণ কৰিছে। তেওঁ চাইকেলেৰে অহা যোৱা কৰে।
মানুহে কোৱা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো প্ৰিয়পাত্ৰ এইগৰাকী ব্যক্তি। যেতিয়াই নৰেন্দ্ৰ মোদী ওড়িশালৈ যায় তেতিয়াই তেওঁক সাক্ষাৎ কৰে মোদীয়ে।
মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল বীৰু দেৱগন।সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত, বীৰু দেৱগনক অন্তিম দৰ্শনৰ বাবে অজয়ৰ ঘৰত উপস্থিত হয় বলিউডৰ বহুকেইগৰাকী অভিনেতা অভিনেত্ৰী।
মৃত্যুৰ বাতৰি পোৱাৰ পিছতেই অজয় দেৱগনৰ ঘৰত উপস্থিত হয় অভিনেতাৰ পৰা নেতা হোৱা,পঞ্জাবৰ গুৰদাসপুৰ সমষ্টি সাংসদ ছানী দেউল আৰু অভিনেতা ববী দেউল।