দেশৰ বহু লোকে ইতিমধ্যে কোৰোণাৰ ভেকচিন লৈছে। বহুতে ভেকচিন লোৱাৰ পৰিকল্পনা কৰিছে। বহুতেই আকৌ ভেকচিনৰ পৰা কি কি পাৰ্শ্বক্ৰিয়া হ’ব পাৰে তাক লৈ চিন্তাত পৰিছে। কিন্তু জানেনে ভেকচিন লোৱাৰ আগত আৰু পিছত কি খাইছে, তাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ শৰীৰ কেনে থাকিব। কোনোৱে কৈছে ভেকচিন লোৱাৰ সময়ত শৰীৰত যাতে যথেষ্ট পৰিমাণে প্ৰটিন থাকে সেয়া লক্ষ্য ৰাখিব লাগিব। কোনোৱে আকৌ কৈছে এই সময়ত শৰীৰক হাইড্ৰেটেড ৰাখিব লাগিব। তেন্তে চাওক কি কি খোৱা উচিত টিকাকৰণৰ আগত আৰু পিছত।