আধুনিক পাকঘৰত মাইক্ৰ’ৱেভ অভেন অপৰিহাৰ্য। এই বৈদ্যুতিন যন্ত্ৰ অবিহনে পাকঘৰ যেন অচল। আপুনি জানেনে মাইক্ৰ’ৱেভৰ বাবেও আছে এক বিশেষ নিৰ্ধাৰিত দিন? আচৰিত যেন লাগিলেও এয়া সত্য। প্ৰতি বছৰে ৬ ডিচেম্বৰৰ দিনটো পালন কৰা হয় মাইক্ৰ’ৱেভ অভেন ডে হিচাপে। পশ্চিমীয়া দেশবোৰত ১৯৬৭ চনৰ পৰা বাণিজ্যিকভাৱে প্ৰস্তুত মাইক্ৰ’ৱেভ অভেন পোৱা গৈছে। লাহে লাহে ইয়াৰ ব্যৱহাৰ বৃদ্ধি পায়। ভাৰতত দেৰ দশক পূৰ্বেও ইমান প্ৰচলিত নাছিল মাইক্ৰ’ৱেভ অভেন। কিন্তু ইয়াৰ অবিহনে পাকঘৰ নচলে। নানা সমস্যাৰ সহজ সমাধান মাইক্ৰ’ৱেভ অভেনত বিভিন্ন ধৰণৰ খাদ্য বনালেও গাজৰ নাৰান্ধিব। কাৰণ ইয়াৰ ফলত স্ফুলিংগ তৈয়াৰ হ’ব পাৰে। গাজৰত থকা খনিজ ইয়াৰ কাৰণ। বেবিফুডৰ পৰা তৈয়াৰী গাখীৰ কেতিয়াও অ’ভেনত গৰম নকৰিব। বহু কৰ্মৰত মহিলাই ব্ৰেষ্ট ফিড সংৰক্ষণ কৰে শিশুৰ বাবে। মাতৃৰ অনুপস্থিতিত সেয়া শিশুক পান কৰোৱা হয়। সেয়াও মাইক্ৰ’অভেনত গৰম নকৰিব। একেই কথা প্ৰযোজ্য টমেট’ ছছৰ ক্ষেত্ৰতো। কেটচআপ বা ছছ কোনোটোৱে বা এই উপকৰণেৰে তৈয়াৰী খাদ্য মাইক্ৰ’ৱেভত নিদিব। কেঁচা মাংস বা মাছো মাইক্ৰ’ৱেভ অভেনত ৰান্ধিব নালাগে বুলি পৰামৰ্শ দিয়া হয়। কাৰণ ইয়াৰ ফলত তৈয়াৰ হোৱা শীতল বিন্দু বা ক’ল্ড স্পটৰ পৰা খাদ্যত ক্ষতিকাৰক বীজাণু বৃদ্ধি পায়। খাদ্যক ৰেডিঅ’এক্টিভ কৰি দিয়ে মাইক্ৰ’ৱেভ অভেনে – এনেধৰণৰ প্ৰমাণ এতিয়াও পোৱা নাই। অলপ সময়ৰ বাবে ৰন্ধন হ’লে খাদ্যগুণ আৰু পুষ্টিকৰ গুণো বৰ্তি থাকে। কিন্তু বেছি সময় ধৰি ৰান্ধিবলৈ নিষেধ কৰা হয় মাইক্ৰ’ৱেভ অভেনত। Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, বিস্তাৰিতভাৱে জানিবলৈ সদাই বিশেষজ্ঞৰ পৰামৰ্শ লওক।