ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে প্ৰতিটো সাক্ষাৎকাৰতে পত্নী অনুষ্কাক প্ৰশংসা কৰা দেখা যায়। বিৰাটে নিজৰ সফলতাত বলীউদ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি বিশ্বাস কৰে। তাৰকা যুটীয়ে ২০১৩ চনত এক বিজ্ঞাপনৰ শ্বুটিঙত লগ পাইছিল আৰু তাৰ পিছৰে পৰা দুয়ো ডেটিং আৰম্ভ কৰিছিল। বিৰাট–অনুষ্কাই ২০১৭ চনৰ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হয় আৰু ২০২১ চনত এটি কন্যা সন্তানৰ পিতৃ–মাতৃৰ গৌৰৱ অৰ্জন কৰে। বিৰাট–অনুষ্কাই কন্যাৰ নাম ৰাখিছে ভামিকা। (Virat Kohli/Instagram)