

আত্মবিশ্বাসী আৰু স্বনিৰ্ভৰশীলঃ সকলো যুৱতীয়ে সকলো সময়তেই নিজৰ মনে বিচৰা লোকজন আত্মবিশ্বাসী আৰু স্বনিৰ্ভৰশীল হোৱাটো বিচাৰে। নাৰীয়ে বিচাৰে যে, সংগত থকা পুৰুষ জন আত্মবিশ্বাসী আৰু স্বনিৰ্ভৰ হ’ব। প্ৰতিটো কামতে আত্মবিশ্বাস থাকিব। আৰু স্বনিৰ্ভৰ কেৱল আৰ্থিক দিশতে নহয়, থাকিব লাগিব সকলো দিশতে।


সংবেদনশীলঃ সাধাৰণতে নাৰীৰ মন সংবেদনশীল হয়। পুৰুষতকৈ নাৰীৰ মনৰ সংবেদনশীলতা বহু বেছি। সেই কাৰণে ছোৱালীয়ে বিচাৰে যে, তেওঁৰ ভাললগা পুৰুষজনো সংবেদনশীল হওক।


ভাল লগে লোকজনৰ পৰা সংগ বিচাৰে ছোৱালীয়ে। কেৱল শাৰীৰিক সম্পৰ্কই নহয়, ভালপোৱাৰ মাজেৰে ভালপোৱাজনৰ সৈতে সময় অতিবাহিত কৰিব বিচাৰে ছোৱালীয়ে।


বন্ধুত্ব পৰায়ণঃ সংগীজন সদায় বেষ্ট ফ্ৰেণ্ড হ’লে সংসাৰত সমস্যা নাথাকে। সমস্যা হয়টো কেতিয়াবা আহিব , কিন্তু আঁতৰিও যাব। ছোৱালীৰ এটাই সপোন, তেওঁৰ জীৱনৰ সংগী জন তেওঁৰ বন্ধুৰ দৰে হওক। যাতে সুখ-দুখ সকলো কথা খুলি ক’ব পাৰে।