দৈনন্দিন জীৱনত পাকঘৰৰ সৈতে পটলৰ এক নিবিড় সম্পৰ্ক আছে। বিশেষকৈ শীতকালৰ কেইটামান মাহক বাদ দি ঘৰে ঘৰে পটল অত্যন্ত প্ৰিয়। এটা নহয়। পটলৰ আছে বহু গুণ। বিশেষকৈ পটলত পোৱা যায় বিভিন্নধৰণৰ ভিটামিন। যাৰ গেছট্ৰিকৰ সমস্যা আছে সেইসকলৰ বাবে পটলে অত্যন্ত কাৰ্যকৰী ভূমিকা পালন কৰে। শৰীৰৰ ওজন বৃদ্ধি পাইছে যদি পটল খাওক। শৰীৰ সুস্থ কৰি ৰাখিব। ওজন নিয়ন্ত্ৰণ কৰিব। গৰমৰ দিনত পটলে বিশেষকৈ শৰীৰ ভালে ৰাখে। শৰীৰৰ সকলোধৰণৰ সমস্যা দূৰ কৰে পটলে। নিৰামিষেই হওক বা আমিষেই হওক পটলৰ নানা ধৰণৰ সু-স্বাদু ব্যঞ্জন তৈয়াৰ কৰিব পৰা যায়। জীৱনৰ প্ৰতিটো মুহূৰ্ততে পাকঘৰৰ বাবে অত্যন্ত আপোন পটল। পটল সকলোৰে বাবে চিনাকী যদিও পটলৰ ইংৰাজী নাম বহুতেই নাজানে। পটলৰ ইংৰাজী নাম Pointed Gourd।