উত্সৱৰ বতৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণা। সোমবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে, উত্সৱৰ ভাট্টা হিচাপে সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অফিচাৰক এককালীন ১০ হাজাৰ টকা দিয়া হ’ব। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লিভ ট্ৰেভেল কনছেশ্যন তথা এল টি চিৰ বাবে আজি নতুন ‘tax exemption’, লিভ আৰু কেচ ভাউচাৰ স্কীমৰ ঘোষণা কৰে।
চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সুয়োগ-সুবিধাৰ মাজত এটা হ’ল এল টি চি। এই এল টিচিকলৈও কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ বিশেষ ঘোষণা। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ এল টি চিক লৈ বিশেষ পৰিকল্পনা কৰিছে চৰকাৰে। চাৰি বছৰত এবাৰ এল টিচি স্কীমৰ লাভ ভোগ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে। ভাৰতৰ ভিতৰত কোনো ঠাইলৈ ভ্ৰমণৰ বাবে গ’লে খৰচ বহন কৰিব চৰকাৰে।