কে এল ৰাহুলৰ বিয়াত উপস্থিত থকা মহেন্দ্ৰ সিং ধোনীয়ে কাৱাচাকীৰ নিনজা বাইক উপহাৰ দিছিল, যাৰ মূল্য কমেও ৮০ লাখ টকা। ক্ৰিকেটাৰসকলৰ ভিতৰত, বিৰাট কোহলীয়ে তেওঁৰ সতীৰ্থৰ বিয়াত এখন বিএমডব্লিউ গাড়ী উপহাৰ দিছে, যাৰ মূল্য ২.১৭ কোটি টকা। আথিয়া চেট্টীৰ দেউতাক সুনীল চেট্টীয়ে তেওঁৰ জী-জোৱাইক মুম্বাইৰ এটা এপাৰ্টমেণ্ট ৫০ কোটি টকাত উপহাৰ দিছে। বলীউডৰ দাবাং নায়ক চলমান খান আৰু সুনীল চেট্টী বন্ধু সেয়া সকলোৱে জানে । চলমানে তেওঁৰ বন্ধুৰ জীয়ৰীৰ বিয়াত এখন অডি গাড়ী দিছিল, যাৰ মূল্য ১.৬৩ কোটি টকা। জেকি শ্ৰফ আৰু সুনিয়েল চেট্টীও অতি ঘনিষ্ঠ বন্ধু, জেকীয়ে আথিয়াক তেওঁৰ নিজৰ ছোৱালীৰ দৰে ভাবে, তেওঁ চোপাৰ্ড ব্ৰেণ্ডঘড়ী দিছে, যাৰ মূল্য প্ৰায় ৩০লাখ টকা। অৰ্জুন কাপুৰ আথিয়া চেট্টীৰ এজন ভাল বন্ধু আৰু তাইৰ বিয়াৰ বাবে এদাল হীৰাৰ ব্ৰেচলেট উপহাৰ দিছে, যাৰ মূল্য ১.৫ কোটি টকা।