ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে ডেংগিত আক্ৰান্ত লোকৰ সংখ্যা। মৃত্যুৰ সংখ্যাও বাঢ়িছে। বিশেষজ্ঞসকলে কয়, দিনৰ ভাগতে ডেংগিৰ মহে কামোৰে। মহৰ কামোৰৰ ফলত ডেংগিৰ সৈতে মেলেৰিয়া, চকুণগুনীয়াৰ দৰে ৰোগো হ’ব পাৰে। এনেধৰণৰ ভয়ংকৰ ৰোগৰ পৰা ৰক্ষা পাবলৈ মহৰ কামোৰৰ পৰা নিজৰে ৰক্ষা কৰিব লাগিব। অৱশ্যে মহৰ কামোৰ নোখোৱা মানুহ হয়তো নোলাব।
এজন লোকৰ ছালত কি পৰিমাণৰ বেক্টেৰিয়া আছে তাৰ ওপৰতো নিৰ্ভৰ কৰে মহে কামোৰাতো। য’ত বেক্টেৰিয়া বেছি তাৰ প্ৰতি মহ অধিক আকৰ্ষিত হয়। সেইবাবে ভৰি আৰু গোৰোহাত মহে অধিক কামোৰে। পোছাকৰ ওপৰতো বহু পৰিমাণে এয়া নিৰ্ভৰ কৰে। ক’লা বা অন্যান্য গাঢ় ৰঙৰ পোছাক যিসকলে পিন্ধে তেওঁলোকক মহে আগুৰি ধৰে। (Disclaimer : এই প্ৰতিবেদন কেৱল মাত্ৰ সাধাৰণ তথ্যৰ ওপৰত আধাৰিত, বিস্তাৰিতভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লওক।)