প্ৰেম সকলোৰে জীৱনত হয়। কিন্তু সকলোৰে বাবে প্ৰেম সুখকৰ নহয়। বহু সময়ত প্ৰেমৰ জোৱাৰত উটি গ’লেও পিছত সেয়া অশান্তিদায়ক হৈ পৰে। সেয়েহে অলপ সাৱধান হোৱা প্ৰয়োজন। প্ৰেমত পৰাটো ধৰি ৰাখিব নোৱাৰিলেও, তাৰ পূৰ্বে ভাবি চাওক। বিশেষকৈ মহিলাসকলে গুৰুত্ব দিয়া প্ৰয়োজন যে আপোনাৰ পছন্দৰ মানুহজন এই পাঁচধৰণৰ প্ৰেমিকৰ দৰে নেকি, যদি হয় আঁতৰি থকাই ভাল।
১. এক ধৰণর প্ৰেমিক আছে যিসকল খুবেই কেয়াৰিং স্বভাৱৰ হয়। গোটেই দিনটো কি খাইছে, কি কৰিছে, কেতিয়া টোপনিৰ পৰা উঠিছে, কাৰ সৈতে আছে ইত্যাদি মিনিটে মিনিটে ফোন কৰি খবৰ লোৱাটো অভ্যাস। প্ৰথমে এই স্বভাৱ খুব ভাল লাগে। কিন্তু কিছুদিন পিছত উশাহ বন্ধ পৰিস্থিতি আৰম্ভ হয়। এইসকলেই পৰৱৰ্তী সময়ত অতিৰিক্ত পজেছিভ প্ৰেমিক হৈ উঠে। প্ৰথম অৱস্থাত ভাল লাগিলেও পিছলৈ কষ্ট ভোগ কৰিবলগীয়া হয়।
২. প্ৰেমৰ আৰম্ভণিৰে পৰা এইসকলে প্ৰকাৰন্তৰে যৌনতাৰ প্ৰসংগ টানি আনে। যৌনতা অৱশ্যে প্ৰেমৰ সম্পৰ্কৰ এটা অংশ। কিন্তু এওঁলোকৰ মূল উদ্দেশ্যই হ’ল শাৰীৰিক সম্পৰ্ক। প্ৰেমৰ এটা মাহৰ ভিতৰতে এইসকলে যৌনতাত আবদ্ধ হ’ব বিচাৰে। কিন্তু যৌন সম্পৰ্ক হৈ যোৱাৰ পিছত উদাসীন হৈ পৰে আৰু সম্পৰ্কৰ পৰা আঁতৰি যায়। এইসকলৰ সৈতে কেৱল বন্ধুত্ব বজাই ৰখাই শ্ৰেয়।
৩. অতিৰিক্ত অবদমন যিদৰে ভাল নহয়, সেইদৰে সম্পৰ্কত গা এৰা দিয়া ভাবো ভাল নহয়। এই ধৰণর প্ৰেমিকসকলে তেতিয়া কটাবলৈ ইচ্ছা কৰে যেতিয়া নিজৰ মনে বিচাৰে। প্ৰেমিকাৰ ইচ্ছাক লৈ তেওঁলোক অকণো চিন্তিত নহয়। এইসকলে নিজৰ পৃথিৱীতে বিচৰণ কৰিবলৈ ভাল পায়, খুবেই উদাসীন। এইসকলৰ আৰু এটা বেয়া দিশ হ’ল, এই একে আচৰণ যদি প্ৰেমিকাই তেওঁৰ সৈতে কৰে তেন্তে খঙত অগ্নিশৰ্মা হৈ পৰে।
৪. এইসকলে প্ৰেমৰ প্ৰথমফালে অতিৰিক্তভাৱে সক্ৰিয়। প্ৰেমিকা বুলি ক’লেই বলিয়াৰ দৰে হয় এওঁলোক। সকলো সময়তে প্ৰেমিকাৰ সৈতে কথা পতা, সকলো শ্বেয়াৰ কৰা, ঘন ঘন ছেলফি দিয়া–লোৱা ইত্যাদি কৰি থাকে। তেতিয়া প্ৰেমিকাই এওঁলোকৰ বাবে সকলো, শ্ৰেষ্ঠ। কিন্তু প্ৰেমত পৰাৰ কিছুদিন পিছতে স্বভাৱ সলনি হয়। তেতিয়া তেওঁলোকেই প্ৰেমিকাৰ খুঁট টানি টানি বাহিৰ কৰে।