প্ৰথমবাৰ মঞ্চত ৰাধিকা মাৰ্চেণ্ট। ব্যৱসায়ী বীৰেন মাৰ্চেণ্ট আৰু শৈলা মাৰ্চেণ্টৰ ডাঙৰ কন্যা ৰাধিকা ভাৰতনাট্যম নৃত্য প্ৰতিভা প্ৰথমবাৰ দৰ্শকৰ সন্মুখত তুলি ধৰে। অনুষ্ঠান আয়োজনৰ মূল কৰ্ণধাৰ মাৰ্চেণ্ট পৰিয়াল আৰু আম্বানী পৰিয়াল। ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ আৰু মেনেজিং ডিৰেক্টৰ মুকেশ আম্বানী আৰু পত্নী নীতা আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ বাগদত্তা ৰাধিকা।
গুৰু ভাৱনা ঠাকাৰৰ ওচৰত নৃত্য প্ৰশিক্ষণ লৈছে ৰাধিকাই। ভাৱনা ঠাকাৰৰ শ্ৰীনিবাস আৰ্টছৰ ছাত্ৰী তেওঁ। বহু বছৰ ধৰি নৃত্য শিকাৰ পিছত প্ৰথমবাৰ নিজৰ অনুষ্ঠানত নৃত্য কৰে এই প্ৰতিষ্ঠানৰ ছাত্ৰ–ছাত্ৰীসকলে। তাকে কোৱা হৈছে ‘আৰঙ্গেত্ৰম’। ২৭ বছৰীয়া ৰাধিকাৰ ‘আৰঙ্গেত্ৰম’ অনুষ্ঠিত হয় মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰৰ ‘দ্য গ্ৰেণ্ড থিয়েটাৰ’ত। দেওবাৰে, ৫ জুনত সন্ধিয়া ৬ বজাত।