‘তাই মোৰ ওচৰলৈ আহিল আৰু মোক জোৰকৈ সাৱটি ধৰিলে’- ২০০৮ চনত আই পি এলৰ ছিজন চলি থকাৰ সময়ত এনে আখটাৰক সাৱটি ধৰিছিল কেটৰীণাই। এই কথা ৰমীজ ৰাজাৰ সৈতে এক সাক্ষাত্কাৰত শ্বেয়াৰ কৰিছে পাকিস্তানৰ প্ৰাক্তন পেচ বলাৰ ছোৱেইব আখটাৰে। ছোৱেইব শ্বাহৰুখ খানৰো ডাঙৰ অনুৰাগী। ‘শ্বাহৰুখ খানে মোক বহুবাৰ চুমা খাইছে। চুমা খোৱা শ্বাহৰুখ খানৰ এটা অভ্যাস।’- এনেদৰে কয় পাকিস্তানী ক্ৰিকেটাৰ গৰাকীয়ে। আখটাৰে কেটৰীণা কাঈফৰ সন্দৰ্ভত কয় যে, ‘ এদিন কেটৰীণা কেঈফ বাংগালুৰুলৈ আহিল। তেওঁ কোৰ সাৱটি ধৰিলে। আনকি ছোৱেইব আখটাৰক কেটৰীণা কাঈফে কৈছিল যে,‘ তোমাক আৰু ছলমান খানক সংবাদমাধ্যমৰ পৰা দূৰত ৰখা অসম্ভৱ। সদায় বিতৰ্ক থাকে।’