IPL২০২১! সকলোৰে নজৰ হাৰ্ড হিটিং বেটছমেন ৰবীন উথাপ্পাৰ ফালে। এইবাৰ ৰবীন উথাপ্পাই চেন্নাই চুপাৰ কিংছৰ হৈ খেলিছে। আইপিএলত ৰবীন উথাপ্পাৰ ৰেকৰ্ড অত্যন্ত ভাল। ৰবীন উথাপ্পাৰ ব্যক্তিগত জীৱনো অত্যন্ত আকৰ্ষণীয়। পত্নী শীতল উথাপ্পা পেছাগত ভাবে আছিল এগৰাকী টেনিছ খেলুৱৈ। মাত্ৰ ৯ বছৰ বয়সৰ পৰাই টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল শীতলে। কিন্তু ৩৩ বছৰ বয়সত টেনিছক বিদায় দিয়ে শীতলে। শীতল টেনিছৰ লগতে অভিনয়ৰ প্ৰতিও আগ্ৰহী। মুম্বাইৰ অনুপম খেৰৰ অভিনয় স্কুলৰ পৰা যোৱা ২ মাৰ্চত কোৰ্চ সমাপ্ত কৰিছে শীতলে। ইয়াৰ পিছৰ পৰাই থিয়েটাৰ আৰু নাটকত অভিনয় কৰিছে। শীতল আৰু ৰবীন উথাপ্পাই বেংগালুৰুৰৰ একেখন কলেজতে পঢ়িছিল। ৰবীন উথাপ্পা শীতলতকৈ জুনিয়ৰ। প্ৰায় পাঁচ বছৰীয়া প্ৰেমৰ সম্পৰ্ক পিছত দুয়ো বিবাহ পশত আবদ্ধ হৈছিল। ৩০ বছৰীয়া ৰবীন উথাপ্পাই ২০১৫ চনত শীতলক বিয়া কৰাইছিল। ২০১৭ চনত দুয়োৰে জীৱনলৈ আহে প্ৰথমটি সন্তান।