ই পোৰ্টেলতে ৰাখিব পাৰিব গাড়ীৰ কাগজ-পত্ৰঃ এতিয়াৰ পৰা গাড়ী চলোৱাৰ সময়ত লগত নিজৰ লাইচেঞ্চ, ডকুমেণ্ট ৰাখিব নালাগে। চফ্ট কপিৰেই চলিব কাম। কাৰণ সম্প্ৰতি মটৰ ভেহিকেল ৰুলছ,১৯৮৯ সংশোধন কৰিছে পথ পৰিবহণ মন্ত্ৰণালয়ে। কেৱল ৰুট নেভিগেশ্যনৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব মোবাইল ফোনঃ মটৰ ভেহিকেল ৰুলছ ১৯৮৯ সংশোধনী অনুসৰি, গাড়ী চলোৱাৰ সময়ত কেৱল পথ নিৰ্দেশনাৰ বাবেহে মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰিব। বিনামূলীয়া নহ’ব এল পি জিঃ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বহু কেইটা পৰিৱৰ্তন অনা হৈছে। কাৰণ আজি অৰ্থাত্ ৩০ ছেপ্তেম্বৰেই হ’ল বিনামূলীয়া গেছ লাভ কৰাৰ শেষ দিন। বিদেশী মুদ্ৰা ট্ৰান্সফাৰৰ বাবে টেক্স লোৱা হ’ব। মিঠাই বিক্ৰীৰ বাবে নতুন নিয়মঃ বিক্ৰেতাই মিঠাইৰ ম্যাদ উকলি যোৱা তাৰিখ সন্নিৱিষ্ট কৰিব লাগিব। ১ অক্টোবৰৰ পৰাই এই নিয়ম প্ৰযোজ্য হ’ব। বাঢ়িব পাৰে টিভিৰ দাম। আৰ বি আইয়ে ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ বাবে নতুন নিয়ম আনিছে। ইতিমধ্যে জাৰি কৰিছে গাইড লাইন।