ডিচেম্বৰ মাহৰ প্ৰথম দিনাই সাধৰাণ লোকৰ বাবে ডাঙৰ খবৰ! চৰকাৰী অইল মাৰ্কেটিং সংস্থাই ১ ডিচেম্বৰৰ পৰা আকৌ বঢ়ালে LPG Gas Cylinder ৰ দাম। দেশৰ আটাইতকৈ ডাঙৰ চৰকাৰী তেল সংস্থা ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল গেছ চিলিণ্ডাৰৰ দাম ১০৩.৫০ টকা প্ৰতি চিলিণ্ডাৰত বঢ়াইছে। দিল্লীত ১৯ কিলোগ্ৰাম কমাৰ্চিয়েল গেছ চিলিণ্ডাৰৰ দাম বুধবাৰৰ পৰা ১০০.৫০ টকা বঢ়াৰ ফলত ২১০১ টকা হৈছেগৈ।