বিনিয়োগৰ কথা ভাবিলে সকলোতকৈ আগত থাকে সোণ–ৰূপৰ প্ৰসংগই। ফলত যদি সোণ আৰু ৰূপত বিনিয়োগ কৰিব লাগে, সৰ্পপ্ৰথমে তাৰ দামৰ বিষয়ে জনাটো প্ৰয়োজন। কাৰণ সোণ–ৰূপৰ দাম প্ৰতিদিনে সলনি হয়, কেতিয়াবা বৃদ্ধি পায়, কেতিয়াবা হ্ৰাস পায়। আজি বুধবাৰ, ২৪ মে’, ২০২৩। আজি সোণ–ৰূপৰ দাম কিমান তাৰ ওপৰত নজৰ দিওঁ আহক। মঙলবাৰৰ তুলনাত আজি সোণ–ৰূপৰ দাম বৃদ্ধি পোৱা নাই। মঙলবাৰে ১ কিলোগ্ৰাম ৰূপৰ দাম আছিল ৭৪৫০০ টকা, আজি এই দামৰ কোনো তাৰতম্য হোৱা নাই। ২২ কেৰেট সোণৰ দাম : মঙলবাৰে ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম আছিল ৫৬,০০০ টকা। আজিও এই দামৰ কোনো সালসলনি ঘটা নাই। ২৪ কেৰেট সোণৰ দাম : মঙলবাৰে ২৪ কেৰেট সোণৰ দাম ১০ গ্ৰামত আছিল ৬১,১০০ টকা। আজি সোণৰ দাম ১০ গ্ৰামত ৬১১০০ টকা।