বিশ্ব বজাৰত ঊৰ্ধ্বমুখী অপৰিশোধিত তেলৰ দাম। ইয়াৰ মাজতে শুকুৰবাৰে পেট্ৰ’ল আৰু ডিজেলৰ নতুন দাম জাৰি কৰিছে চৰকাৰী তেল সম্পোনীসমূহে। অপৰিশোধিত তেলৰ দাম প্ৰতি বেৰেলত ১১ ডলাৰ পাৰ হৈছে। ইয়াৰ ফলত তেল প্ৰতিষ্ঠানসমূহৰ ওপৰত দাম বৃদ্ধিৰ চাপ বাঢ়িছে। প্ৰধান অৰ্থনৈতিক উপদেষ্টাই জনাইছে ব্ৰেণ্ট ক্ৰুডৰ দাম ১১০ ডলাৰ পাৰ হ’লে প্ৰতিষ্ঠানসমূহে পেট্ৰ’ল আৰু ডিজেলৰ দাম বঢ়াব লাগিব। ইয়াৰ পূৰ্বে মাৰ্চ–এপ্ৰিলত পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতিলিটাৰত ১০.২০ টকা বঢ়োৱা হৈছিল। কিন্তু আজি ইন্ধনৰ দাম অপৰিৱৰ্তিত ৰাখিছে তেল কোম্পানীসমূহে।
ইয়াৰ বাবে ৯২২৪৯ ৯২২৪৯ নম্বৰত এছএমএছ প্ৰেৰণ কৰিব লাগিব। RSP স্পেচ আৰু পেট্ৰ’ল পাম্প ডিলাৰৰ ক’ড লিখি ৯২২৪৯ ৯২২৪৯ নম্বৰত পঠাওক। প্ৰতিদিনে পুৱা ৮ বজাত দেশৰ চৰকাৰী তেল কোম্পানীয়ে পেট্ৰ’ল-ডিজেলৰ মূল্য জাৰি কৰে পেট্ৰ’ল-ডিজেলৰ দামৰ ওপৰত আবকাৰী শুল্ক, ডিলাৰ কমিছন আৰু অন্যান্য চাৰ্জ সংযোজন কৰাৰ পিছত গ্ৰাহকে প্ৰায় দুগুণ দামত তেল ক্ৰয় কৰিবলগীয়া হৈছে।