পৰিৱেশ প্ৰদূষণকে ধৰি অন্যান্য সমস্যাবোৰ বৃদ্ধি পোৱাৰ ফলত পোৰ ক্লগিং (Pore Clogging) বা ৰোমকূপৰ ছিদ্ৰ বন্ধ হোৱাটো এটা ডাঙৰ সমস্যা হৈ পৰিছে। পৰিৱেশৰ ধূলি-ময়লা প্ৰৱেশ কৰি ঘাম ছিদ্ৰবোৰৰ মুখ বন্ধ কৰে। ইয়াৰ ফলত ব্ৰণ, শালমইনা, ছাল বিবর্ণ হোৱাকে ধৰি বিভিন্ন সমস্যা হয়। চাৰকোলে সকলো ধূলি আঁতৰ কৰে আৰু ছাল উজ্জ্বল কৰে।
বজাৰত বহুত প্ৰতিষ্ঠিত কোম্পানীৰ চাৰকোলৰ ফেচপেক উপলব্ধ। কিন্তু আপুনি এই ফেচপেকটো ঘৰত বনাব পাৰে। ১ চাহ চামুচ চাৰকোল পাউডাৰ, ১ চাহ চামুচ মুলতানি মাটি, এক চিকুট বেকিং চ'ডা, ১ চাহ চামুচ নাৰিকল তেল এটা পাত্ৰত মিহলি কৰক। মিশ্ৰণটো আপোনাৰ গোটেই মুখত ভালদৰে প্ৰয়োগ কৰক আৰু ১০ মিনিট ৰৈ থাকক। তাৰ পিছত ইয়াক পানীৰে ধুই পেলাওক।