চাণক্য নীতিয়ে কয় যে, এই পাঁচবিধ বস্তুৰ পৰা প্ৰতিদিনে সাৱধানে থাকিব লাগে। অগ্নি, পানী, মুৰ্খ, সাপ আৰু ৰাজ পৰিয়ালৰ সদস্য। কাৰণ এই কেইটাই আমাক মৃত্যু পৰ্যন্ত লৈ যাব পাৰে। আচাৰ্য চাণক্যই নিজৰ নীতিত কৈছে যে, এই পৃথিৱীত অন্ন, পানী আৰু মাটিৰ বাচনেই বাস্তৱিকতে ৰত্ন। কিন্তু মুৰ্খ লোকে ভাবে যে, পাথৰৰ টুকুৰাহে ৰত্ন। ব্যক্তিৰ কৰ্ম যিয়েই নহওক, এনেবোৰ কথাই তেওঁক পিছলৈ লৈ যায়। চাণক্য নীতি অনুসৰি, কোনেও কাকো সলনি কৰিব নোৱাৰে। নিজক নিজেই হে সলনি কৰিব পাৰে। চাণক্য নীতি অনুসৰি, কোনো কথা লুকাই নাথাকে। পানীত তেল দিলে যিদৰে ওলাই পৰে ঠিক একেদৰে কথা লুকুৱাই থলেও এদিন নহয় এদিন ওলাই পৰে। চাণক্য নীতি অনুসৰি, যদি সম্পত্তি, বন্ধু, পত্নী আৰু ৰাজ্য আঁতৰাই দিলেও কেতিয়াবা লগ লাগি যায়। কিন্তু কোনো ৰোগে যদি শৰীৰত বাহ লয়, তেন্তে স্বাস্থ্য একেৱাৰে বেয়া কৰি পেলায়।