এতিয়াও ওলোৱা নাই ক’ভিড ভেকচিন। তথাপিও অতি শীঘ্ৰে যে এই ভেকচিন পোৱা যাব তাৰ কুচ–কাৱাজ ইতিমধ্যে আৰম্ভ হৈছে। ৰাইজৰ মাজলৈ শীঘ্ৰেই মেলি দিয়া হ’ব ভেকচিন। ইয়াৰ মাজতে কেন্দ্ৰৰ নতুন ঘোষণাই আশংকাৰ সৃষ্টি কৰিছে। ক’ভিড ভেকচিনৰ কিছু মাৰাত্মক পার্শ্বপ্রতিক্রিয়া থাকিব পাৰে। সেইকাৰণে কেৱল ভেকচিন দিলেই কাম শেষ নহয়। ৰোগীক ভালদৰে পৰ্যৱেক্ষণ কৰি সতৰ্কতা অৱলম্বনো প্ৰয়োজন। এই কাৰণেই কেন্দ্ৰই সকলো ৰাজ্যকে পত্ৰ প্ৰেৰণ কৰিছে।
যোৱা সপ্তাহত প্ৰত্যেকখন ৰাজ্যৰ সৈতে যোগাযোগ কৰি এই বাৰ্তা প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰৰ এই বাৰ্তা যে এই ভেকচিন ব্যৱহাৰৰ ক্ষেত্ৰত বহু পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ আশংকা আছে। সেইকাৰণে ৰোগীৰ উপসৰ্গ বুজি সেই মতে ঔষধৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ কাৰণে আগন্তুক আন্তঃগাথনিৰ বাবে জিলা স্তৰত ব্যৱস্থা ল’ব লাগিব ৰাজ্যসমূহে।