আমি সকলোৱে জানো যে, কৰ্কট এক প্ৰকাৰৰ প্ৰাণঘাটি ৰোগ। বৰ্তমান সমগ্ৰ বিশ্বতে মৃত্যুৰ অন্যতম কাৰণ হৈ পৰিছে কৰ্কট ৰোগ। জীৱনযাত্ৰা বা লাইফ ষ্টাইলৰ পৰিৱৰ্তনৰ ফলত এই মাৰাত্মক ৰোগ বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও কিছুমান বদ অভ্যাস কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে। যাৰ ভিতৰত উল্লেখ্যযোগ্য-, শাৰীৰিক ব্যায়ামৰ অভাৱ, ধূমপান, অৱেচিটী, এলকোহল সেৱন। আৰু এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে- অতি বেঙুনীয়া ৰশ্মি।
প্ৰচেচড মিটঃ মাংস, পোল্ট্ৰী, মাছ বা ডিমঃ এই সকলোবোৰ শৰীৰৰ কাৰণে ভাল। কিন্তু প্ৰতিটোৱেই ভালদৰে ৰান্ধিব লাগিব। আৰু খোৱাৰ পৰিমাণৰ ওপৰতো নজৰ দিব লাগিব। ৰেড মিট শৰীৰৰ বাবে ভাল নহয়। ওজন বৃদ্ধিৰ পৰা আৰম্ভ কৰি কৰ্কট আদি বহুৰোগৰ কাৰণ। আৰু মাংসৰ প্ৰেচেচিঙৰ সময়ত নানা ধৰণৰ উপাদানৰ উৎপন্ন হয়। যি কৰ্কটৰোগৰ কাৰণ হব পাৰে। হট ডগ, প্ৰচেচড মাংসতকৈ ঘৰত ভালদৰে ৰন্ধা মাংস খোৱাই শ্ৰেষ্ঠ।