দেশত ভেকচিনৰ অভাৱ বুলি খবৰ প্ৰকাশিত হৈছে বিভিন্ন মাধ্যমত। বহুতেই প্ৰথম ড’জ কোভিড ভেকচিন গ্ৰহণ কৰি দ্বিতীয় ড’জৰ বাবে অপেক্ষা কৰিছে। যিসকলে আগতে কোভিশ্বিল্ড ভেকচিন পাইছে, তেওঁলোকৰ দ্বিতীয় ড’জো কোভিশ্বিল্ডেই হ’ব লাগিব। অৰ্থাৎ দুবাৰ দুবিধ ভেকচিন লোৱা সম্ভৱ নহয়। এনেধৰণৰ চৰকাৰী গাইডলাইনৰ বাবে আৰু সমস্যাত পৰিছে সাধাৰণ লোকসকল। এনে ঘটনাও পোহৰলৈ আহিছে য’ত প্ৰথম ড’জ এটা সংস্থাৰ ভেকচিন পাইছে, পিছৰ ড’জ আন সংস্থাৰ। অৱশ্যে এয়া ভুলবশতঃ হৈছে। কিন্তু কিন্তু সঁচাকৈ দুবাৰত দুবিধ ভেকচিন ল’ব পাৰিনে?
নিতি আয়োগৰ সদস্য ডাঃ ভি কে পালে জনাইছে যে এয়া সম্ভৱ। পালে কয় যে যদি আপুনি মোক প্ৰশ্ন কৰে তেন্তে মোৰ উত্তৰ হ’ব যে কোনো ব্যক্তিয়ে যদি প্ৰথম ড’জ লৈছে, দ্বিতীয় ড’জ আন ভেকচিন ল’ব পাৰে। এয়া বৈজ্ঞানিক আৰু সম্ভৱ। অৱশ্যে এয়া একেবাৰে সঠিকভাৱে ক’ব পৰা যাব গৱেষণাৰ পিছত। ইয়াৰ বাবে কোনো গৱেষণা হোৱা নাই, ফলত সময়ৰ লগে লগে এয়া জনা যাব।
কোভিশ্বিল্ড আৰু কোভাক্সিন হ’ল দেশত প্ৰস্তুত কৰা দুটা ভেকচিন। দুয়োটা ভেকচিনৰ দুটা ড’জ মানুহৰ দেহত প্ৰয়োগ কৰা হৈছে। এই ভেকচিনসমূহৰ দ্বিতীয় ড’জক বুষ্টাৰ ড’জো বোলা হয়। স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰামৰ্শত বাৰে বাৰে সতৰ্ক কৰা হৈছে যে এটা ভেকচিনৰ প্ৰথম ড’জ লোৱা ব্যক্তিয়ে আন ভেকচিনৰ দ্বিতীয় ড’জ গ্ৰহণ কৰিব নোৱাৰিব।
এক গৱেষণাত কোৱা হৈছেযে দুয়োটা ভেকচিনৰ মিশ্ৰন নিৰাপদ। ইয়াক লৈ ২৬০০ জন লোকৰ ওপৰত গৱেষণা কৰা হৈছিল। আৰু এই সময়ত দুটা পৃথক ভেকচিন ব্যৱহাৰ কৰা হৈছিল। এক পৰীক্ষাত, অক্সফ’ৰ্ড ভেকচিনৰ এটা ড’জ আৰু আনটো ফাইজাৰ ভেকচিনৰ ড’জ দিয়া হৈছিল। দ্বিতীয় পৰীক্ষাত এটা ড’জ মোডাৰ্না আৰু আনটো ড’জ নোভাভেক্সৰ ড’জ দিয়া হৈছিল।