আমি ক’বলৈ লৈছো আধাৰ কাৰ্ড ফ্ৰেঞ্চাইজিৰ (Aadhaar Franchise) ব্যৱসায়ৰ কথা। আপুনি যদি আধাৰ কাৰ্ডৰ বিষয়ে ভালকৈ জ্ঞাত হয়, আৰু আপুনি যদি ভাৱে আধাৰ কাৰ্ড চেণ্টাৰ খোলাৰ বাবে আপুনি উপযুক্ত তেন্তে আধাৰ কাৰ্ড ফ্ৰেঞ্চাইজি আপোনাৰ বাবে খুব ভাল লাভদায়ক হ’ব পাৰে। এই ব্যৱসায়ত বিনিয়োগ শূন্য। কিন্তু লাভৰ পৰিমাণ বহু বেছি। আপোনাৰ মাহিলি উপাৰ্জন হ’ব পাৰে লাখ টকাও।
আধাৰ কাৰ্ডৰ ফ্ৰেঞ্চাইজি (Aadhaar Franchise) লোৱাৰ লগতে আপুনি ল’ব পাৰে Post Office Franchiseও। বৰ্তমান সময়ত নাগৰিকসকলৰ ওচৰত পোষ্ট অফিচ জনপ্ৰিয় বিকল্প। য’ত বেংকৰ সুদৰ হাৰ কমিছে তাত বহুতে পোষ্ট অফিচত টকা জমা কৰাটো গ্ৰহণযোগ্য বুলি ভাবিছে। বিশেষকৈ আপুনি যদি গাঁও অঞ্চলত থাকে, তেন্তে এই ব্যৱসায়ৰ পৰা ভাল উপাৰ্জন কৰিব পাৰে।