সোণৰ যদি আমদানি শুক্ল হ্ৰাস পাই, তেন্তে স্মাগলিং বন্ধ হ'ব নেকি? জেমছ এণ্ড জুৱেলাৰী এক্সপোৰ্ট প্ৰমোশ্যন কাউঞ্চিলৰ চেয়াৰমেনৰ বক্তব্য- এই ক্ষেত্ৰত নিঃসন্দেহে উপকাৰ আহিব। বৰ্তমান তথ্যই কৈছে যে, দেশত বছৰি ৮০০ টন সোণ আমদানি কৰা হয়। কিন্তু ২০১৯-২০ বিত্তীয় বৰ্ষৰ পৰা আমদানি হৈছে ১০০০ টন। ৰিপৰ্ট মতে, প্ৰতি বছৰে দেশত অন্তত ১৫০-২০০ টন সোণৰ স্মাগলিং হৈ আছে। দীনেশৰ দাবী-আমদানি শুল্ক হ্ৰাস পালে এনে পৰিস্থিতি নহ'ব।