হিন্দী চিনেমা ‘দেৱদাস’ত দেখুওৱা এক বিশ্বাস, য’ত পাৰ’ৰূপী ঐশ্বৰ্য ৰায়ে বাৰবণিতা চন্দ্ৰমুখীৰূপী মাধুৰী দিক্ষীতৰ ঘৰৰ সন্মুখৰ এখামোচ মাটি দূৰ্গা মূৰ্তি নিৰ্মান কৰিবলৈ অনুমতিৰে লৈ গৈছে। দৰাচলতে চিনেমাখনত তুলি ধৰা এই বহুল প্ৰচলিত বিশ্বাস গাঢ় হৈ আছে পশ্চিমবংগত। দূৰ্গা মূৰ্তি নিৰ্মাণত খনিকৰক লাগিবই বেশ্যালয়ৰ মাটি। কিন্তু এফালে পৱিত্ৰ আৰু শুভ্ৰতাৰ প্ৰতিমূৰ্তি মা দূৰ্গা আৰু আনহাতে তেওঁৰে প্ৰতিমা নিৰ্মাণত ব্যৱহাৰ হয় তথাকথিত ‘অশুচি’, ‘অপবিত্ৰ’ এলেকাৰ মাটি। এবছৰৰ পূজা গ’ল কি নগ’ল পৰৱৰ্তী বছৰৰ পূজাক লৈ আৰম্ভ হৈ যায় ব্যস্ততা।