ছচিয়েল মিডিয়াত এই মুহূৰ্তত ভাইৰেল হৈছে বিশেষ কিছুমান ফটো। গ্ৰাফিক্স ডিজাইনাৰ নোটস কংচাওৰ প্ৰি ৱেডিং ফটোশ্বুট! এই পোষ্ট বৰ্তমান হাজাৰ হাজাৰ মানুহে শ্বেয়াৰ কৰিছে। ফটো দেখি বহুতেই মন্তব্য কৰিছে যে, এই ফটোত দৰা-কইনাক সুন্দৰ লাগিছে। বগা ৰঙৰ পোছাক পৰিধান কৰি কৰিছিল ফটোশ্বুট। কিন্তু ফটোশ্বুটৰ থিমে সকলোকে আচিৰত কৰি তোলে। বিয়াক নতুন জীৱনৰ সূচনা বুলিয়েই ধৰা হয়। হ'বলগীয়া দৰা -কইনাক কি মানসিকতাৰে এনে ফটোশ্বুট কৰিলে, সেয়া ভাবিবলৈয়ে আচৰিত। সুন্দৰ কাপুৰ পৰিধান কৰি কফিন আৰু কবৰত বহি, শুই কৰিলে ফটোশ্বুট। এনেদৰেই মৰিশালিৰ মাজত কৰিলে ফটোশ্বুট। কফিনৰ ভিতৰত শুই লোৱাও দেখিবলৈ পোৱা গল। এই ফটো এতিয়া ভাইৰেল ছচিয়েল মিডিয়াত।