তাৰক মেহতা কা ওল্টা চছমাৰ জনপ্ৰিয় অভিনেত্ৰী মুনমুন দত্ত। ছচিয়েল মিডিয়াত ভীষণ এক্টিভ অবিনেত্ৰীগৰাকী। নিজৰ সৌন্দৰ্যৰে সকলোকে মোহিত কৰি ৰাখিছে মুনমুনে। কিন্তু এটা সময়ত তেওঁ যৌন শোষণৰ বলি হৈছিল। #MeTooতৰ ভয়ংকৰ অভিযোগ অভিনেত্ৰীগৰাকীৰ। ২০১৭ চনত ভাৰতত যেতিয়া #MeTooৰ বিতৰ্ক আৰম্ভ হৈছিল, তেতিয়া বহু অভিনেতা-অভিনেত্ৰীয়ে নিজৰ জীৱনৰ বহু গোপন অধ্যায়ৰ কথা ৰাজহুৱা কৰিছিল। মুনমুনে নিজৰ ব্যক্তিগত জীৱনৰ এক চাঞ্চল্যকৰ বিবৃতি দিছিল। তাৰক মেহতাৰ জৰিয়তে বিখ্যাত হোৱা মুনমুনে ইনষ্টাগ্ৰামৰ জৰিয়তে নিজৰ কৰুণ কাহিনীৰ কথা জনাইছে। তেওঁ লিখিছে যে, ভাল পুৰুষ আৰু মহিলাৰ সংখ্যা লাহে লাহে কমি গৈছে। মোৰ জীৱনতো এনে এক ঘটনা সংঘটিত হৈছিল। অভিনেত্ৰীগৰাকীয়ে কৈছে যে, টিউচন কৰা শিক্ষকে তেওঁৰ অন্তৰ্বাসৰ ভিতৰলৈ হাত ভৰাইছিল। আৰু স্তনত হাত দিছিল। মুনমুনে সেই কথা নিজৰ পিতৃ-মাতৃক জনাইছিল যদিও ঘৰৰ লোকে বিশ্বাস কৰা নাছিল তেওঁলোকৰ কথা। ইয়াৰ পৰিৱৰ্তী সময়তো এবাৰ অভিনেত্ৰীগৰাকীৰ পেটত হাট বুলাইছিল এজন সহকৰ্মীয়ে। এই ঘটনাই তেওঁক অত্যন্ত অস্বস্তিত পৰিছিল বুলি উল্লেখ কৰিছে।