বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী (Shilpa Shetty)ৰ স্বামী আৰু ব্যৱসায়ী ৰাজ কুন্দ্ৰাক (Raj Kundra) পৰ্ণগ্ৰাফী গোচৰত আদালতে জামিন প্ৰদান কৰিছে। আদালতে ৰাজ কুন্দ্ৰাক ৫০,০০০ টকাৰ বণ্ডত জামিন প্ৰদান কৰে আৰু তেওঁৰ সংগী আৰু বন্ধু ৰিয়ান থৰ্পে (Ryan Thorpe)কো জামিন প্ৰদান কৰা হৈছে। পৰ্ণগ্ৰাফী গোচৰটোত আন এটা ডাঙৰ কথা প্ৰকাশ হৈছে। যাৰ মতে আৰক্ষীয়ে পৰ্ণগ্ৰাফী গোচৰৰ (Pornography Case) মুখ্য অভিযুক্ত ৰাজ কুন্দ্ৰাৰ ম'বাইল আৰু লেপটপৰ পৰা কেইবাটাও ভিডিঅ' পাইছে। এএনআইৰ মতে, আৰক্ষীয়ে পৰ্ণগ্ৰাফী গোচৰৰ তদন্তত ৰাজ কুন্দ্ৰাৰ ম'বাইল, লেপটপ আৰু এটা হাৰ্ড ডিস্কৰ পৰা ১১৯ টা অশ্লীল ভিডিঅ' বিচাৰি পাইছে আৰু লগতে প্ৰকাশ কৰিছে যে তেওঁ এই ভিডিঅ'বোৰৰ পৰা বহু মুনাফা আদায় কৰিবলৈ চেষ্টা কৰি আছিল। অশ্লীল ভিডিঅ'বোৰ ৯ কোটি টকাত বিক্ৰী কৰাৰ পৰিকল্পনা কৰি আছিল ৰাজে। কিন্তু, তেতিয়াই এপটো নিষিদ্ধ কৰা হৈছিল। কুন্দ্ৰাই আন এটা এপ সৃষ্টি কৰিছিল। কিন্তু, তেওঁৰ পৰিকল্পনা বিফল হ'ল। দৰাচলতে, মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ দলে ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পৰ বিৰুদ্ধে পৰ্ণ চলচ্চিত্ৰ নিৰ্মাণ আৰু এপটোৰ জৰিয়তে প্ৰচাৰিত কৰাৰ বাবে অভিযোগপত্ৰ দাখিল কৰিছিল। যাৰ পিছত ৰাজ কুন্দ্ৰাই মেট্ৰ'পলিটান আদালতলৈ যায়। তেওঁ যুক্তি দিছিল যে বিষয়টো ব্যৱহাৰিকভাৱে তদন্ত কৰা হৈছিল।