

<br />বিশ্বজুৰি আজি পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। বলিউড তাৰকাসকল সাধাৰণতে নিজৰ ফিটনেছক লৈ সতৰ্ক আৰু নিজকে দেখনিয়াৰ কৰি ৰাখিবলৈ তেওঁলোকে অহোপুৰুষাৰ্থ কৰে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আমি ক’ব বিচাৰিছো<br />বলিউডৰ আটাইতকৈ ফিট আৰু পাৰফেক্ট ফিগাৰৰ অভিনেত্ৰীসকলৰ কথা। তেওঁলোকৰ নিয়মীয়া অনুশীলনৰ অংশ যোগাভ্যাস।


আকৰ্ষণীয় ফিগাৰ আৰু ফিটনেছৰ বাবে বলিউডত শিল্পা শেট্টীৰ নাম আগতে লোৱা হয়। তেওঁ যোগাভ্যাস কৰাৰ বহু সময়ত দৃশ্য ভাইৰেল হৈছে।


এসময়ত জিৰ’ ফিগাৰৰ ট্ৰেণ্ড চলোৱা কৰীণা কাপুৰ খানৰ কথাও ফিটনেছ ফ্ৰিকসকলৰ মাজত চৰ্চিত। সন্তান জন্ম দিয়াৰ পিছত কম সময়ৰ ভিতৰতে তেওঁ পুনৰ নিজৰ শৰীৰৰ অৱয়ব আগৰ অৱস্থালৈ অনুশীলন কৰি ঘুৰাই আনে।


ফিটনেছৰ ক্ষেত্ৰত ৪৫বছৰীয়া মালাইকা অৰোৰাৰ কথা সদায় সুকীয়া। এই বয়সতো যোগাভ্যাস কৰি মালাইকাই কম বয়সীয়া অভিনেত্ৰীসকলতকৈও নিজক আকৰ্ষণীয় কৰি ৰাখিছে।


ছানী লিয়নিও নিজৰ ফিটনেছক লৈ অত্যন্ত সজাগ আৰু প্ৰায়ে তেওঁ নিজৰ ছচিয়েল মিডিয়া একাউণ্টত যোগাসন কৰাৰ ফটো আপলোড কৰি আহিছে।