বহু লোকৰে এই সমস্যাই দেখা দিয়ে। তৈলাক্ত নাকত ব্লেক আরু হোৱাইট হেডছ। এই সমস্যা যিদৰে অস্বস্তিকৰ, তেনেকৈ সৌন্দৰ্য আৰু ব্যক্তিত্বৰ বাবেও হানিকাৰক। এই সমস্যাৰ বাবে হাততে আছে ঘৰুৱা সমাধান। নেমুত আছে এক্সফোলিয়েটিং উপাদান। ছালৰ পৰা অতিৰিক্ত তেল শুহি লয় নেমুৰ ৰসে। নাকত নেমুৰ ৰস লগাই ১৫ মিনিট অপেক্ষা কৰক। তাৰ পিছত ধুই পেলাওক। মৌৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টিবেক্টেৰিয়েল গুণাগুণ সুপৰিচিত। নাকৰ তৈলগ্ৰন্থিত অতিৰিক্ত তেল জমা হৈ থাকিবলৈ নিদিয়ে মৌ ৰসে। নাকত মৌ লগাই কেইমিনিটমান ৰাখক। তাৰ পিছত ধুই পেলাওক। প্ৰতিদিনে অন্তত দুইৰ পৰা তিনিবাৰ এই পদ্ধতি অৱলম্বন কৰক। টেঙা দৈত আছে আলফা হাইড্ৰক্সি এচিড আৰু লেকটিক এচিড। ফলত ছালৰ ছিদ্ৰ উন্মুক্ত কৰি দুষিত কণা উলিয়াই দিয়ে। দৈৰ জিংক মৃদু এষ্ট্ৰিজেণ্টে তৈলাক্তভাৱ কমায়। কেইচামুচমান দৈৰ সৈতে বিলাহীৰ ৰস মিহলাই নাকত সানক। তাৰ পিছত পানীৰে ধুই পেলাওক। এপল চিডাৰ ভিনেগাৰত এচিডিক পিএইচ বেলেঞ্চ বেছি। অতিৰিক্ত তেল শুহি লয় এই উপাদানে। আধা কাপ পানীত এপল চিডাৰ ভিনেগাৰ মিহলাই তাত কটন বল তিয়াই নাকত লগাওক। ১৫ মিনিট ৰাখি গৰম পানীৰে ধুই পেলাওক। ব্লেকহেডছ কমিব। ছালৰ সমস্যাত চন্দনৰ গুৰি অতি উপকাৰী। অতিৰিক্ত তেল আঁতৰাই ছাল নিখুত আৰু উজ্জ্বল কৰে চন্দনৰ গুৰিয়ে। গাখীৰৰ সৈতে চন্দনৰ গুৰি মিহলাই নাকত লগাওক। ১৫ মিনিট পিছত স্ক্ৰাব কৰি ঠাণ্ডা পানীৰে ধুই পেলাওক।