এফালে কোৰোণাৰ সংক্ৰমণ আনফালে আৰ্থিক মন্দাৱস্থা। পেট্ৰ'ল-ডিজেলৰ দামৰ পৰা ৰন্ধৰ গেছৰ চিলিণ্ডাৰৰ দামলৈকে সকলোতে দেখা গৈছিল অভাৱনীয় মূল্যবৃদ্ধি। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ৰন্ধন গেছৰ দাম ১২৫ টকা বৃদ্ধি পাইছে। কিন্তু এই সময়ত ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে সাধাৰণ মানুহক কিছু সকাহ দিয়াৰ সিদ্ধান্ত লৈছে। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ ফালৰ পৰা প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১০ টকা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গেছ চিলিণ্ডাৰৰ নতুন দাম আজিৰে পৰা কাৰ্যকৰী হৈছে। যোৱা ৪ ফেব্ৰুৱাৰীত ৰন্ধন গেছৰ দাম ২৫ টকা বৃদ্ধি পাইছিল। ইয়াৰ পিছত ১৫ ফেব্ৰুৱাৰীত ৫০ টকা বাঢ়িছিল। ২৫ ফেব্ৰুৱাৰীত আকৌ ২৫ টকা বাঢ়িছিল। মাৰ্চৰ ১ তাৰিখে পুনৰ গেছ চিলিণ্ডাৰৰ দাম ২৫ টকা বাঢ়িছিল। কিন্তু সাধাৰণ জনতাক কিছু সকাহ দিয়াৰ উদ্দেশ্যে প্ৰতিটো চিলিণ্ডাৰৰ দামত ১০ টকা হ্ৰাস কৰা হৈছে। আজিৰ পৰা কাৰ্যকৰী হ'ব ই নতুন নিৰিখ।