

IPL 2020ৰ পইণ্ট টেবুলত বৰ্তমান ৬ নম্বৰ স্থানত আছে ৰাজস্থান ৰয়েলছ। কিন্তু এতিয়াও আছে প্লে অ’ফত প্ৰৱেশৰ আশাষ অসমৰ ৰিয়ান পৰাগে প্ৰতিনিধিত্ব কৰা দলটোৱে এই পৰ্যন্ত ছখন মেচত জয়ী হোৱাৰ বিপৰীতে সাতখন মেচ হাৰিছে। সৰ্বমুছ পইণ্ট ১২। সমান সমান পইণ্ট আছে অন্য তিনিটাকৈ দলৰো। সেইকেইটা হ’ল ছানৰাইজাৰ্ছ হায়দৰাবাদ, কিংছ ইলেভেন পঞ্জাৱ আৰু কলকাতা নাইট ৰাইডৰ্ছৰ। কিন্তু নেট ৰানৰেটৰ হিচাপত ৰাজস্থান ৰয়েলছ বৰ্তমান ৬ নম্বৰ স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছে।


আই পি এলৰ প্লে অফত প্ৰৱেশ কৰিবলৈ হ’লে কলকতাৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে আজি জয়লাভ কৰিবই লাগিব। লগতে বিশাল ব্যৱধানত পৰাস্ত কৰিব লাগিব কলকাতাক।


কলকাতা আৰু ৰাজস্থান ৰয়েলছ এই পৰ্যন্ত ২২বাৰ মুখামুখী হৈছে। ইয়াৰে ভিতৰত ১১ খনত কলকাতা জিকিছে। আনহাতে ১০ খন জিকিছে ৰাজস্থান ৰয়েলছ।


নাইট ৰাইডৰ্ছৰ বিৰুদ্ধে আই পি এলত প্ৰথমে বেট ধৰি ৮ খন মেচ জিকিছে ৰাজস্থানে। সেইদৰে ৰাজস্থানৰ বিৰুদ্ধে পিছত বেট ধৰি ৯খন মেচ জিকিছে নাইট ৰাইডৰ্ছ।


ইফালে ৰাজস্থান ৰয়েলছ এতিয়া সম্পূৰ্ণ ফৰ্মত আছে। বেটত বল লাগিছে ৰিয়ান পৰাগৰো। কিন্তু তাৰ তুলনাত ব্যৰ্থ হৈছে কেকেআৰৰ শীৰ্ষ বেটচমেন। চূড়ান্ত ভাবে ব্যৰ্থ হৈ ইতিমধ্যে অধিনায়ক পদ ত্যাগ কৰিছে দিনেশ কাৰ্তিকে।