বিশেষজ্ঞই কৈছে যে, চেনীৰ যিমান উপকাৰীতা আছে, তাতকৈ বেছি আছে অপকাৰীতা। গতিকে চেনীৰ পৰা সাধাৰণতে আঁতৰি থকাৰ ভাল। যদি একান্তই প্ৰয়োজন হয়, এজন প্ৰাপ্ত বয়স্ক মানুহে, দিনে ৩ চামুচ চেনী খাব পাৰে। তাতকৈ বেছি খোৱাতো স্বাস্থ্যৰ বাবে অপকাৰী। চেনীৰ গ্লোকজ শৰীৰে শোষণ কৰিব পাৰে। কিন্তু ৰিফাইনড চেনীত ফ্লোকটোজ বেছি থাকে। ফ্ৰোকটোজক একমাত্ৰ লিভাৰে পৰিশোধন কৰিব পাৰে। লিভাৰ গৈ এই ফ্ৰকটোজ চৰ্বিত পৰিণত হয়। ফলত লিভাৰ ক্ষতিগ্ৰস্ত হয়। ইয়াৰ উপৰিও অত্যাধিক চেনী খালে লিভাৰে অতিৰিক্ত কাম কৰিবলগীয়া হয়। ফলত লিভাৰত জটিলতাৰ সৃষ্টি হয়। শৰীৰৰ ওজন আৰু ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বাঢ়ে চেনীৰ পৰা। শৰীৰত ভোকৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে লেপটিনে। কিন্তু অতিৰিক্ত চেনী খালে প্ৰভাৱ পৰে লেপটিনত। গতিকে পৰ্যাপ্ত পৰিমাণে খোৱাৰ পিছতে থাকি যায় ভোক। ফলত স্বাভাৱিকতকৈ বেছি খোৱাৰ প্ৰভণতাৰ সৃষ্টি হয়। বিশেষজ্ঞই কৈছে যে, বেছি পৰিমাণে চেনী বা মিঠা জাতীয় খাদ্য কিডনীৰ বাবে ভাল নহয়। কিডনীত পাথৰ সৃষ্টি কৰিব পাৰে। অতিৰিক্ত চেনী খালে ৰক্তচাপ বৃদ্ধি হয়। দাঁতৰ এনামেল নষ্ট কৰে। চেনীত ক্ষতিকাৰক বেক্টেৰীয়া সজীৱ হৈ থাকে। গৱেষকৰ মতে, অত্যাধিক পৰিমাণে চেনী খালে প্যাংক্ৰিয়েটিক কেনচাৰ, প্ৰষ্টেট কেনচাৰ, ক্ষুদ্ৰান্তৰ কেনচাৰ, ডিঙি, ৰেকটাম, স্তন কেনচাৰৰ সম্ভাৱনা বাঢ়ি যায়। শৰীৰৰত বেয়া কোলেষ্ট’ৰেলৰ মাত্ৰা বাঢ়ি যায়। হৃদৰোগৰ সম্ভাৱনা বাঢ়ে। দেহৰ বিভিন্ন হাড়ৰ সংযোগস্থল, বিশেককৈ ভৰিৰ হাড়ৰ বিষ হোৱাৰ অন্যতম কাৰণ চেনী। শৰীৰত পুষ্টিৰ ভাৰসাম্যতা নষ্ট হয়। ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। বেছি চেনী খালে পুৰুষ বা নাৰীৰ উভয়ৰে যৌন জীৱন ক্ষতিগ্ৰস্ত হয়। তেজত ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যায়।