কোৰোণাৰ পৰা ৰক্ষা পাবলৈ আয়ুস মন্ত্ৰণালয়ে জাৰি কৰিলে নতুন গাইড লাইন। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধন আৰু আয়ুস মন্ত্ৰী শ্ৰীপদ যশো নাইকে মঙলবাৰে এই গাইড লাইন প্ৰকাশ কৰি কৈছে যে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো এই সময়ত আটাইতকৈ উপযোগী। আয়ুস মন্ত্ৰণালয়ৰ গাইড লাইন অনুসৰি, নিয়মিত গৰম পানী খাব লাগে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰতিদিনে এক চামুচ চৱনপ্ৰাশ খাবলৈ কোৱা হৈছে। সেইদৰে যাৰ মধুমেহ ৰোগ আছে, সেইসকলক চুগাৰ ফ্ৰী চৱনপ্ৰাশ খাবলৈ কোৱা হৈছে। আয়ুস মন্ত্ৰণালয়ে দাবী কৰিছে যে, দেশৰ বহু চিকিত্সকে কোৰোণাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এই সমূহ পদ্ধতি মানি চলিবলৈ আহ্বান জনাইছে। পডিনাৰ পাত আৰু জোৱাইনৰ ভাপ ল’বলৈ কোৱা হৈছে। সেইদৰে ডিঙি খচখচালে দিনে দুবাৰকৈ মৌৰ সৈতে লং গুৰি কৰি খাবলৈ কোৱা হৈছে। ১৫০ মিলিলিটাৰ গৰম গাখীৰত আধা চামুচ হালধী মিলাই খাবলৈ কোৱা হৈছে। সেইদৰে পুৱা আৰু সন্ধ্যা তিল অথবা নাৰিকলৰ তেল বা ঘি লগাবলৈ পৰামৰ্শ দিয়া হৈছে। কমেও তিনি মিনিট যোগ-ব্যায়াম, প্ৰাণায়াম, ধ্যান কৰিবলৈ পৰামৰ্শ দিয়া হৈছ। হালধী, জিৰা আদি মছলা ব্যৱহাৰৰো পৰামৰ্শ দিছে।