Axis Bankৰ গ্ৰাহকৰ বাবে অত্যন্ত ডাঙৰ খবৰ। বেংকৰ ফালৰ পৰা জনোবা হৈছে যে, আগন্তুক মাহৰ পৰা SMS এলাৰ্ট চাৰ্ভিচৰ বাবেও পূৰ্বতকৈ বেছি টকা ভৰিব লাগিব। বেংকৰ ফালৰ পৰা SMS এলাৰ্টৰ শুল্ক বৃদ্ধিৰ বাবে জাৰি কৰা হৈছে আগতীয়া বিবৃতি। যোৱা মাহতো চেভিংচ একাউণ্ট সংক্ৰান্তীয় চাৰ্জ বৃদ্ধি কৰা হৈছিল। জানিব পৰা গৈছে যে, জুলাই ২০২১ৰ পৰা গ্ৰাহকে প্ৰতি SMS এলাৰ্টত ২৫ পইটা আৰু সৰ্বাধিক ২৫ টকা ভৰিব লাগিব। জানিব পৰা গৈছে যে, SMS চাৰ্জ দূৰসঞ্চাৰ নিগমৰ নতুন নিয়মৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি কৰা হৈছে। এক্সিছ বেংকৰ ফালৰ পৰা পূৰ্বে SMS প্ৰতি ৫ পইচাকৈ চাৰ্জ লোৱা হৈছিল। বিগত মাহত বেংকৰ ফালৰ পৰা নূন্যতম বেলেন্সৰ সীমা বৃদ্ধি কৰিছে। চেভিংচ একাউণ্টত পূৰ্বতে সৰ্বনিম্ন বেলেন্স আছিল ১০ হাজাৰ টকা। আৰু সৰ্বোচ্চ আছিল ১৫ হাজাৰ টকা। এতিয়া এই সীমা ১৫ হাজাৰ টকালৈ বঢ়োৱা হৈছে। গ্ৰামীণ আৰু চহৰাঞ্চলৰ প্ৰাইম আৰু লিবাৰ্টী চেভিংচ একাউণ্টত নূন্যতম বেলেন্স ১৫হাজাৰ টকাৰ পৰা বৃদ্ধি কৰি ২৫,০০০ কৰি দিয়া হৈছে। এক্সিছ বেংকৰ বেংকৰ পৰা নগদ টকা উলিওৱাৰ সময়ত পূৰ্বতকৈ বেছি টকা ভৰিব লাগিব। প্ৰতি মাহে ATMৰ পৰা ৪টা লেনদেন অথবা ২ লাখ টকাতকৈ অধিক লেনদেন কৰিলে টকা ভৰিব লাগিব।