১ জানুৱাৰীৰ পৰা ATM লেনদেনৰ খৰচ বাঢ়িব। অর্থাৎ আপুনি বিনামূলীয়াকৈ এটিএমৰ পৰা টকা উলিওৱাৰ সীমা অতিক্ৰম কৰাৰ পিছত ভৰিব লাগিব বেছিকৈ টকা। ৰিজাৰ্ভ বেংকে এই বিষয়ে দিছে অনুমতি। এতিয়া অতিৰিক্ত লেনদেনৰ বাবে ২০ টকা ভৰিব লাগে। ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা এই খৰচ বৃদ্ধি পাব। আৰবিআইৰ এই নিৰ্দেশত কোৱা হৈছে যে, প্ৰতি মাহে গ্ৰাহকে নিজৰ বেংকৰ এটিএমৰ পৰা পাঁচবাৰ লেনদেন কৰিব পাৰে। এই সীমা অতিক্ৰম কৰাৰ পিছত যিমান বাৰ টকা এটিএমৰ পৰা উলিওৱা হয়, সিমানবাৰ অতিৰিক্ত জৰিমনা ভৰিব লগীয়া হয়। যোৱা জুলাই মাহত এই নিৰ্দেশনা জাৰি কৰিছিল কেন্দ্ৰীয় চৰকাৰে। সেই অনুসৰি জানুৱাৰী মাহৰ পৰাই নতুন নিয়ম কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়িছে। এটা বেচৰকাৰী বেংকৰ ৱেবচাইটত দিয়া তথ্য মতে, পূৰ্বে ২০ টকাৰ পৰা বাঢ়ি ২১ টকা হব এই টেক্সৰ পৰিমাণ।