অটল পেন্সন যোজনা- অটল পেন্সন যোজনা কেন্দ্ৰীয় চৰকাৰৰ ছচিয়েল চিকিউৰিটী স্কীম। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অসংগঠিত ক্ষেত্ৰত কাম কৰা লোকসকলক প্ৰতি মাহে ১ হাজাৰৰ পৰা ৫ হাজাৰলৈকে পেন্সন দিয়ে। ১৮ৰ পৰা ৪০ বছৰ বয়সৰ সকলো লোকেই এই আঁচনিৰ অধীনত একাউণ্ট খুলিব পাৰে। এইখন চৰকাৰী আঁচনিৰ গুৰুত্বপূৰ্ণ কথাটো হ’ল- যিমান সোনকালে এই আঁচনিৰ অধীনত ধন বিনিয়োগ কৰা হ’ব, সিমানেই ফাণ্ড জমা হ’ব।
অটল পেন্সন যোজনাৰ সুবিধা- অটল পেন্সন যোজনাৰ অধীনত কেৱল জীৱিত অৱস্থাতে নহয়, মৃত্যুৰ পিছতো পৰিয়ালে সহায় লাভ কৰিব। যদি বিনিয়োগৰ কথা কোৱা হয়, তেন্তে মাত্ৰ ৪২ টকা বিনিয়োগ কৰিয়েই ৬০ বছৰ বয়সৰ পৰা ১ হাজাৰকৈ টকাকৈ লাভ কৰিব। যদি ২১০ টকা বিনিয়োগ কৰে তেন্তে প্ৰতি মাহে ৫ হাজাৰকৈ টকা লাভ কৰিব। কিন্তু ইয়াৰ বাবে ১৮ বছৰ হোৱা জৰুৰী।