আমি প্ৰায়ে ঘৰৰ বয়োজ্যেষ্ঠসকলে কোৱা শুনিবলৈ পাওঁ যে বাহী আটাৰে ৰুটি বনোৱাটোও অনুচিত। কিন্তু ইয়াৰ আঁৰত গুৰুত্বপূৰ্ণ কাৰণ আছে। শাস্ত্ৰ অনুসৰি জীৱনত বেয়া প্ৰভাৱ পেলোৱাৰ বাবে ইয়াক কৰা উচিত নহয়। ৰুটি বনোৱাৰ লগতো এই গ্ৰহটোৰ সম্পৰ্ক আছে। জানি লওঁ আহক, শাস্ত্ৰত ৰুটি বনোৱাৰ নিয়ম কি কি আৰু কিয় এইবোৰ মানিব লাগে?
গনি গনি ৰুটি নবনাব: <br /> সমাজত একক পৰিয়ালৰ প্ৰৱণতা বাঢ়িছে। আৰু এই সৰু পৰিয়ালত গৃহিণীসকলে প্ৰায়ে গণি গণি কম পৰিমাণে ৰুটি বনায়। কিন্তু আপুনি জানেনে, শাস্ত্ৰ অনুসৰি এই পদ্ধতিটো ভুল। ই ঘৰৰ সুখ-শান্তি নাশ কৰে, সমৃদ্ধি আনিব নোৱাৰে। জ্যোতিষ বিজ্ঞানৰ মতে ইয়াৰ ফলত পৰিয়ালৰ লোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।
গণি গণি ৰুটি বনাই বাকী ৰোৱা আটা ফ্ৰীজত থৈ দিয়াৰ যদি অভ্যাস আছে তেন্তে জানি লওক যে ই শাস্ত্ৰ মতে অতি বেয়া। কাৰণ ৰুটিৰ সম্পৰ্ক সূৰ্য্য আৰু মংগল গ্ৰহৰ লগত। সতেজ ৰুটিয়ে যেনেকৈ শক্তি দিয়ে, বাহী ৰুটিয়ে আমাক নেতিবাচকতা দিয়ে। কেৱল সেয়াই নহয়, বাহী আটাক ৰাহুৰ লগত সম্পৰ্কীয় বুলি ধৰা হয়। ৰাহুৱে মানসিক অৱস্থাৰ ভাৰসাম্য ৰক্ষা কৰি থাকিবলৈ নিদিয়ে। ফলত ঘৰত সদায় অসুবিধা হয়। আপোনাৰ অজানিতে আপোনাৰ পৰিয়ালটো নেতিবাচকতাই আৱৰি ধৰিব পাৰে আপোনাৰ এই সৰু এটা ভুলে।
যদি আপুনি পৰিয়ালত সুখ আৰু সমৃদ্ধি বিচাৰে, খাদ্য ৰন্ধা সময়ত কেৱল পৰিয়ালৰ বাবেই নহয়, গৰু-কুকুৰৰ বাবেও ৰুটি বনাওক প্ৰতিদিনে। প্ৰথম ৰুটি বনাই গৰু এটাক খুওৱাৰ ব্যৱস্থা কৰক। কুকুৰকো খুৱাওক। এই দুটা জন্তুক ৰুটি খুৱাই দিয়াৰ পিছত পৰিয়ালৰ লোকে বাকী ৰুটি খাওক। কাৰণ জ্যোতিষৰ মতে গৰু এটাক ৰুটি খুৱালে পিতৃদোষ দূৰ হয়। আৰু কুকুৰক ৰুটি খুৱালে শত্ৰুতাৰ ভয় দূৰ হয়।