দুঃসংবাদে চানি ধৰিছে, কাৰণ অক্সফ’ৰ্ড ইউনিভাৰ্চিটি তথা এষ্ট্ৰজেনকাৰৰ সন্মিলিত উদ্যোগত চলা ট্ৰায়েলত ভলণ্টিয়াৰৰ মৃত্যু ঘটিছে। এই দাবী ব্ৰাজিলৰ স্বাস্থ্য সংস্থা অনভিছাৰ। ব্ৰাজিলে এই বিষয়টো জনোৱাৰ পিছতে উদ্বিগ্নতাৰ সৃষ্টি হৈছে। তথাপিও মৃত ব্যক্তিৰ পৰিচয় তথা মৃত্যুৰ কাৰণ আৰু মৃত ব্যক্তিৰ উপসৰ্গ ইত্যাদিৰ বিষয়ে গোপনীয়তা বজাই ৰাখিব বিচাৰিছে ব্ৰাজিলে। সকলোতকৈ ডাঙৰ কথা ভেকচিনৰ ট্ৰায়েল বন্ধ নহয়। ব্ৰাজিলত অক্সফ’ৰ্ড ভেকচিনৰ তৃতীয় দফাৰ কাম কৰিছে ইউনিভাৰ্ছিটি অৱ চাউ পাউল’ই। তেওঁলোকে এই মৃত্যুৰ বিষয়টো স্বীকাৰ কৰিলেও বিশেষ তথ্য প্ৰকাশ কৰা নাই। এই খবৰটো প্ৰকাশ পোৱাৰ পিছতে এষ্ট্ৰজেনকাৰৰ শ্বেয়াৰ পৰা আৰম্ভ কৰিছে। ব্রাজিল চৰকাৰৰ পৰিকল্পনা ৰিঅ’ ডি জেনেৰিঅ’ত থকা তেওঁলোকৰ বায়’মেডিকেল লেব ফিঅ’ ক্ৰুজৰ পৰা এই অক্সফ’ৰ্ডৰ ভেকচিন প্ৰস্তুত তথা বিতৰণৰ ব্যৱস্থা কৰাৰ। একেসময়তে চৰ্চিত হৈছে চীনৰ ভেকচিন চিনোভ্যাকৰ কাৰ্যকৰীতাও। কোৰোণাৰ সংক্ৰমণৰ কাৰণে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পিছতে বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ব্ৰাজিল। ইতিমধ্যেই মৃত্যু হৈছে ডেৰ লক্ষৰ অধিক মানুহ। আক্রান্ত হৈছে ৫০ লাখৰো অধিক।