Change Language
মুখ্যপৃষ্ঠা » ফটো » অসম
লকডাউনত শিখৰ ধৱন, ঈশান শৰ্মা, ঋষভ পন্টক অন লাইন প্ৰশিক্ষণ দি আছে অসমৰ এগৰাকী ট্ৰেইনাৰে, চাওক কোন এইগৰাকী ট্ৰেইনাৰ?
টীম ইণ্ডিয়াৰ পূৰ্বৰ ক্ৰিকেটাৰ ক্ৰমে যুৱৰাজ সিং, বীৰেন্দ্ৰ সেহৱাগ আৰু গৌতম গম্ভীৰৰো মুল ট্ৰেইনাৰ আছিল অসমৰ নিশান্ত বৰদলৈ। নিশান্ত বৰদলৈয়ে আসমৰ ক্ৰিকেটাৰ সকলকো ফিটনেছৰ ওপৰত আৰু বেছি মনোনিবেশ কৰিবলৈ আহ্বান জনাই।
1/ 5


কভিড১৯ৰ মহামাৰীৰ এই লক ডাউনৰ সময়তো ঘৰৰ ভিতৰত থাকিয়েই টীম ইন্ডিয়াৰ তাৰকা ক্ৰিকেটাৰ শিখৰ ধৱন, ঈশান শৰ্মা, মায়ংক আগৰৱাল, ঋষভ পন্টৰ লগতে প্ৰথম শ্ৰেণীৰ বহু ক্ৰিকেটাৰে নিয়মীয়াকৈ অনুশীলন চলাই আছে।
2/ 5


তাৰকা ক্ৰিকেটাৰ শিখৰ ধৱন, ঈশান শৰ্মা, মায়ংক আগৰৱাল আৰু ঋষভ পন্টৰ লগতে অসমৰ আই পি এলৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ আৰু আন বহুজন প্ৰতিভাসম্পন্ন খেলুৱৈক অন লাইন যোগে ফিটনেছৰ ওপৰত প্ৰশিক্ষণ দি আছে অসমৰ ট্ৰেইনাৰ নিশান্ত বৰদলৈয়ে।
3/ 5


অসমৰহৈ ৩৩ খনকৈ ৰঞ্জী ট্ৰফী খেল খেলা দেশৰ দক্ষ ট্ৰেইনাৰ নিশান্ত বৰদলৈয়ে ২০১৯ বৰ্ষত আই পি এলৰ কিংছ ইলেভেন পাঞ্জাৱ দলৰ ট্ৰেইনাৰ আছিল।
4/ 5


ভাৰতীয় ১৯ বছৰৰ অনুৰ্ধ আৰু দিল্লী ৰঞ্জী দলৰ মুল ট্ৰেইনাৰ অসমৰ নিশান্ত বৰদলৈয়ে খেলৰ ট্ৰেইনিঙৰ ওপৰতে পি এইছ ডি পাঠ্যক্ৰমো কৰি আছে।