ৰাতিপুৱাই গাঁৱৰ প্ৰতিঘৰ লোকৰ পদূলিয়ে পদূলিয়ে এটা বিশেষ সুহুৰি মৰা সেই চৰিত্ৰটো মনত আছেনে? পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি কালজয়ী গীত - “গৰখীয়া হেৰ’ গৰখীয়া, কি সুৰ বজালি দুপৰীয়া” এই গৰখীয়াক লৈয়ে সৃষ্টি হৈছে বহু গীত ৷ পিন্ধনত ফটা-চিটা কাপোৰ, কান্ধত এখন মোনা, ডিঙিৰ পিচফালে এটা ছাতি, হাতত লাঠী লৈ কি ৰ’দ, কি বৰষুণ, কি বিহু, কি পূজা সকলো সময়তে আপোনাৰ মোৰ গৰুবোৰক ৰখাৰ দায়িত্ব লোৱা মানুহজনেই হৈছে গৰখীয়া ৷
ৰাতিপুৱাই সকলোৰে পদূলিয়ে পদূলিয়ে এটা বিশেষ সুহুৰিৰে গৃহস্থক গোহালিৰ গৰু এৰি দিবলৈ সংকেত দিয়া সেই চৰিত্ৰটোৱেই হৈছে গৰখীয়া ৷ অসমীয়া সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এটা চৰিত্ৰ এই গৰখীয়া ৷ এই গৰখীয়া শব্দটোৱে বহুতৰে বাবে এতিয়া কেৱল নষ্টালজিয়া, এটা সময় আছিল যেতিয়া এই গৰখীয়াৰ বিশেষ সুহুৰিটো শুনিয়ে ছাত্ৰ-ছাত্ৰী সকলে উমান পাইছিল বিদ্যালয়লৈ যোৱাৰ সময়ৰ ৷ সেয়া যেন এতিয়া অতীত ৷ আজিৰ ল’ৰা-ছোৱালীৰ বাবে যেন সাধুকথাহে মাথোঁ।
অসমীয়া সমাজত এই গৰখীয়াৰ আছিল এটা সুকীয়া পৰিচয় ৷ ৰাইজৰ দান বৰঙনিৰে জীৱন তথা পৰিয়াল চলাই গৈছিল গৰখীয়াসকলে ৷ কলীয়া কৃষ্ণৰ লগত তুলনা কৰা এই গৰখীয়াৰ সংখ্যা আজিৰ তাৰিখত তেনেকৈ নগণ্য যদিও গোৱালপাৰা জিলাৰ একাংশ ভিতৰুৱা গাঁৱত এতিয়াও দেখিবলৈ পোৱা যায় এই গৰখীয়া ৷ তেনে এজন গৰখীয়া হৈছে কৃষ্ণাইৰ ভেলাখামাৰ গাঁৱৰ হিমা চৰণ নাথ ৷ তেওঁ বছৰ বছৰ ধৰি গৰু ৰখীয়া এই পৰম্পৰা এতিয়াও ধৰি ৰাখিছে ৷ এই গৰু ৰখীয়া কৰ্মক জীৱন আৰু জীৱিকাৰ একমাত্ৰ পথ হিচাবে বাচি লৈছে আৰু কষ্টকৰ হ’লেও, অৰ্থ যথেষ্ট কম হ’লেও “গৰখীয়া” শব্দটো নিস্বাৰ্থ ভাৱে ধৰি ৰাখিছে আৰু আমাৰ সমাজ ব্যৱস্থাৰ পৰা হেৰাই যাবলৈ দিয়া নাই ৷
ৰাতিপুৱাই ৰাইজে দিয়া এই দায়িত্ব পালন কৰিবলৈ ওলাই যায় হিমা চৰণ নাথ ৷ গাঁওখনৰ পৰা নাতিদূৰৈত থকা এখন বৃহৎ মুকলি পথাৰত গৰু কেইটাই যাতে উদৰ পুৰাই ঘাঁহ খাব পাৰে কেৱল মাত্ৰ সেই উদ্দেশ্যেৰে লৈ যায় ৷ আৰু দুপৰীয়া ৰ’দৰ প্ৰকোপ বৃদ্ধি হ’লে পথাৰৰ ঠিক সোঁমাজতে থকা এডাল বৃহৎ আঁহত গছৰ তলত নিজেও জিৰণি লোৱাৰ লগতে গৰুকেইটাকো গছৰ ছাঁলৈ লৈ আহে ৷ এই জন হিমা চৰণ নাথক ঘৰৰ মানুহে বহুবাৰ এই 'গৰখীয়া' কৰ্মটো এৰি আন আন কাম কৰিবলৈ কৈছিল যদিও তেওঁ কিন্তু সেয়া মানি নল’লে ৷ কাৰণ তেখেতে লালন পালন কৰা, চোৱা চিতা কৰা গৰুকেইটা বা গৰু কেইজনীক ইমান সহজে এৰিব নোৱাৰে ৷
বুজাব নোৱাৰাকৈয়ে অন্তৰত এক সাঁচ বহি গৈছে হিমা নাথৰ ৷ গৰুক গৰু বুলি আজিও নকয় বা নামাতে তেওঁ, তেওঁ মাতে আই লখিমী বুলিহে ৷ কিন্তু হিমা চৰণ নাথৰ নিচিনা গৰখীয়া সকল আমাৰ সমাজ জীৱনত আৰু কিমান দিনলৈ থাকিব ? যি ধৰণে আধুনিক প্ৰযুক্তিবিদ্যাৰ দিনত পথাৰত গৰুৰ সলনি মানুহে ট্ৰেক্টৰৰ ব্যৱহাৰ কৰিবলৈ লৈছে, মতা বা বলদ গৰু কেইটা বিক্ৰী কৰিবলৈ লৈছে বা হাজাৰ হাজাৰ বিঘা গো-মাদ সমূহ বেদখল বা একাংশ ধনীক বণিয়াৰ উদ্যোগ স্থলী হ’বলৈ ধৰিছে, তেনেক্ষেত্ৰত চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত যথেষ্ট কম অৰ্থৰ বিনিময়ত এই কৰ্ম কৰা এই গৰখীয়াসকল হয়তো কিছু বছৰ পিচত ইতিহাস হৈ যাব, গৰখীয়া শব্দটো ৰ’ৱ সাধুকথাৰ পাততহে মাথোঁ ৷