আঘোণত সোণ গুটি চপাবলৈ শাওনৰ পথাৰত ব্যস্ত এতিয়া কৃষক। ৰাণীৰ আন্ধেৰিজুলীত ৰোৱনী সকলে পথাৰত নাচি বাগি বোকাৰে লুতুৰি পুতৰি হৈ পালন কৰিলে গোছা ৰোৱা উৎসৱ। তাৰ মাজতে ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিছে আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা ৰিংপি । বিগত দু বছৰ ধৰি অব্যাহত আছে মহামাৰী কৰ'ণাৰ সন্ত্ৰাস। এইবোৰৰ মাজতে আঘোনৰ পথাৰত সোণগুটি বুটলিবলৈ সেউজ সছ সিচাঁত ব্যস্ত হৈ পৰিছে চহা ৰাণী, দ্বীপৰ বিলৰ পাৰৰ কৃষকসকল । বৰ্তমান সময়ত খেতিপথাৰত আংশিকভাৱে আধুনিকতাৰ পৰস পৰিছে যদিও ম্লান কৰিব পৰা নাই চহা কৃষকৰ কেচাঁ ঘামৰ গোন্ধ । মন কৰক এই সমুহ দৃশ্য । শাওনৰ প্ৰখৰ ৰ'দকো নেওচি পথাৰৰ আলিত ইশ্বৰক সেৱা জনাই কোনোৱে সছ উভালিছে আন কোনোৱে আকৌ পাৱাৰটিলাৰেৰে পথাৰত বাইছে হাল । আনহাতে ৰোৱনী সকলোও প্ৰখৰ ৰ'দ নতুবা বৰষুণকো নেওচি গান গাই নাচি বাগি বোকাৰে লুতুৰি পুতুৰি হৈ সোণগুটি সছ ৰোৱাত ব্যস্ত হৈ পৰিছে । এই দৃশ্য হৈছে যান্ত্ৰিকতাৰ মহানগৰীৰ সমীপৰ ৰাণীৰ কাৰ্বি জনজাতীয় অধ্যুষিত অঞ্চলৰ । ক'ৰোণাৰ ভয়াৱহতা, প্ৰখৰ ৰ'দকো নেওচি আহিব লগীয়া বছৰটিৰ বাবে ৰোৱনীসকলে কৰিছে পৰিশ্ৰম । ইয়াৰ মাজতে জিৰণীৰ সময়ত ৰোৱনী সকলে পথাৰৰ মাজৰ আলিত বহি খাইছে জলপান । মুঠৰ ওপৰত এক দৃষ্টিনন্দন পৰিৱেশ শাওনৰ খেতিপথাৰত । শাওন মানে যদিও বা বাৰিষা তথাপিও এইবাৰ বৰষুণৰ মাত্ৰ হ্ৰাস পোৱাৰ বাবে পানীৰ নাটনিত ভুগিছে খেতিয়ক সকলে। তাৰপিছত বিভিন্ন পদ্ধতিৰে পথাৰত পানী যোগান ধৰি ৰাণীৰ কৃষকসকলে এইদৰে নামি পৰিছে কৃষিভুমি সমুহত সেউজ সছ সিঁচি আঘোনত সপোনৰ সোণগুটি চপাবলৈ।