আজি জন্মদিন। মুখখন বহুতৰে চিনাকি। অনবদ্য অভিনয়েৰে দৰ্শকৰ অন্তৰ জয় কৰিবলৈ সমৰ্থ হোৱা এইগৰাকী অভিনেতা আশিস বিদ্যাৰ্থী (Ashish Vidyarthi) এটা মালায়ালী পৰিয়ালৰ পৰা আহিছে। বলীউডৰ লগতে তেওঁ দক্ষিণৰ চলচ্চিত্ৰসমূহো ধৰি ৰাখিছে। তেওঁৰ এনে কিছুমান দাক্ষিণাত্যৰ চলচ্চিত্ৰ (South Films) আছে, যিয়ে দৰ্শকৰ হৃদয়ত ছাপ বহুৱাই ৰাখিছে এতিয়াও।
আশিস বিদ্যাৰ্থীয়ে বিক্ৰম আৰু লায়লা অভিনীত Dhill নামৰ তামিল ছবিত আত্মপ্ৰকাশ কৰিছিল, য'ত তেওঁ সদায়ে থকাৰ দৰে নেতিবাচক চৰিত্ৰত আছিল। তেওঁ এনকাউণ্টাৰ শংকৰ নামৰ এজন দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছিল। এই চৰিত্ৰটোৱে তেওঁৰ মুখত এটা চিহ্ন দেখুৱাইছিল আৰু কোৱা হয় যে ইয়াৰ মেকআপ কৰিবলৈ এঘণ্টা সময় লাগিছিল। ছবিখনত বিদ্যাৰ্থীৰ অভিনয় ইমানেই শক্তিশালী আছিল যে ই গোটেই উদ্যোগটোৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
আশিস বিদ্যাৰ্থীয়ে অসমৰ পটভূমিত নিৰ্মাণ কৰা হিন্দী চলচ্চিত্ৰ কালসন্ধ্যাতো অভিনয় কৰিছিল। ছবিখনৰ পৰিচালক আছিল প্ৰখ্যাত অসমীয়া কথাশিল্পী ভবেন্দ্ৰ নাথ শইকীয়া। ১৯৯৭ চনত মুক্তি লাভ কৰা ছবিখনত যতীন বৰা, নিপন গোস্বামী, মৃদুলা বৰুৱা, চেতনা দাস, নিকুমণি বৰুৱাকে ধৰি কেইবাগৰাকী অসমীয়া শিল্পীয়ে অভিনয় কৰিছিল।