এৰেঞ্জ মেৰেজত দৰা-কইনাৰ সম্পৰ্ক প্ৰথম অৱস্থাত নিৰ্ধাৰণ কৰে পৰিয়ালেই। কোনো কোনো ক্ষেত্ৰত এই বিবাহ অত্যন্ত সফল হ'লেও কেতিয়াবা দেখা যায় দুয়োপক্ষৰ মাজত ভুল বুজাবুজি। কিন্তু বিয়াৰ পূৰ্বেই যদি কিছুমান কথা স্পষ্ট হৈ যায়, তেতিয়া সম্পৰ্কই গাঢ় ৰূপ লোৱাৰ পূৰ্বেই সমাধান কৰিব পৰা যায় বা বিয়াৰ পিছত সমস্যাৰ সৃষ্টি নহয়।