

শীঘ্ৰে মা হ’বলৈ ওলাইছে অভিনেত্ৰী অনুষ্কা শৰ্মা। বিগত কিছুদিন ধৰি এইবাবেই চৰ্চাত আছে অভিনেত্ৰীগৰাকী। কেতিয়াবা বেবী বাম্পৰ ফটো পোষ্ট কৰি, কেতিয়াবা আকৌ সন্তানক লৈ কি ভাবিছে তাক লৈ। কিন্তু গৰ্ভৱতী অৱস্থাতো ফেশ্বনৰ বাবে দৃষ্টি কাঢ়িছে অনুষ্কাই।


মাতৃ হ’বলৈ ওলোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতো বিভিন্ন অনুষ্ঠানত উপস্থিত থকা দেখা গৈছে অনুষ্কা শৰ্মাক। আৰু প্ৰতিবাৰেই ফেশ্বনৰ বাবে কাঢ়িছে দৃষ্টি। বৰ্তমান বেবী বাম্পৰ সৈতে অনুষ্কাই কি পোছাক পিন্ধিছে সেয়াও ফেশ্বন বিশ্বত ট্ৰেণ্ডিং।


অনুষ্কাই এক ফেশ্বন মেগাজিনৰ আগত জনায়, তেওঁ সাধাৰণতে লাহী ঢিলা পোছাক পিন্ধি ভাল পায়। সেয়ে প্ৰসূতি অৱস্থাত কি পিন্ধিব তাক লৈ বৰ বিশেষ ভাবিবলগীয়া হোৱা নাই। অৱশ্যে এই সময়ছোৱাত কিছু আৰামদায়ক জোতা কিনিছে অনুষ্কাই।


প্ৰথম মাতৃ হ’বলৈ ওলোৱা খবৰ দিয়াৰ দিনা অনুষ্কাক ক’লা–বগা ফুটফুটীয়া পোছাকত দেখা গৈছিল। প্ৰতিদিনৰ দৰে সেই পোছাকো আছিল মাৰ্জিত।


আকৌ বিশেষ ফেশ্বন মেগাজিনৰ বাবে বেবী বাম্পৰ সৈতে ব’ল্ড ফটোশ্বুট কৰাও দেখা গৈছে অনুষ্কাক। আত্মবিশ্বাস আৰু সৰলতাৰে ভৰা এই ফটোসমূহ ভাইৰেল ইণ্টাৰনেট জগতত।


ছুইমশ্বুট ফেশ্বনতো পিছ পৰি ৰোৱা নাই অনুষ্কা। ক’লা ৰঙৰ বডী ছ্যুট পিন্ধি ছুইমিং পুলত ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে।


কেৱল ৱেষ্টাৰ্ণেই নহয়, এথনিক পোছাকেৰে মুগ্ধ কৰিছে অভিনেত্ৰীগৰাকীয়ে। অফ হোৱাইট ৰঙৰ আনাৰকলিৰে দৃষ্টি আকৰ্ষণ কৰিছে অনুষ্কাই।