বলীউদৰ অভিনেত্ৰী অনুষ্কা শৰ্মা জানুৱাৰীত মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিছিল। প্ৰায় ২ মাহৰ বিৰতিৰ পিছত পুনৰ কামলৈ উভতিছে অনুষ্কা। যিটো দেখি আচৰিত হৈছে অনুষ্কাৰ অনুৰাগীসকল। শেহতীয়াকৈ অনুষ্কাৰ ফটো পোহৰলৈ আহিছে য’ত নিজৰ ভেনিটী ভানৰ পৰা নমা দেখা গৈছে অভিনেত্ৰীগৰাকীক। (ফটো : Viral Bhayani) অনুষ্কা শৰ্মা (Anushka Sharma) শ্বুটিঙলৈ ওভতাৰ পিছত এই ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। (ফটো : Viral Bhayani) এই ফটোত অনুষ্কা শৰ্মাক বগা ৰঙৰ টপ আৰু ডেনিম জিন্স পৰিধান কৰা দেখা হৈছে। কোভিডৰ সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি মুখত মাস্ক লগাইছে অনুষ্কাই। (ফটো : Viral Bhayani) ফটোত অভিনেত্ৰীগৰাকীৰ ফিটনেছ দেখি একাংশ লোক আচৰিত হোৱাৰ বিপৰীতে আন একাংশই আকৌ ট্ৰ’ল কৰিছে যে তেওঁৰ ২ মহীয়া কন্যাক মাতৃৰ অতি প্ৰয়োজন। (ফটো : @AnushkaSharma instagram) অনুষ্কা শৰ্মাৰ এই ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। (ফটো : @AnushkaSharma instagram) ইয়াৰ মাজতে অনুষ্কাৰ এটা পুৰণি ভিডিঅ’ ভাইৰেল হৈছে, য’ত তেওঁ বিয়াক প্ৰয়োজনীয় বুলি কৈছিল। (ফটো : @AnushkaSharma instagram) লগতে কৈছিল যে তেওঁ সন্তান জন্ম দিব বিচাৰে আৰু সম্ভৱত বিয়াৰ পিছত কামনো নকৰিব। (ফটো : @AnushkaSharma instagram) অনুষ্কা শৰ্মাই ১১ জানুৱাৰীত এটি কন্যা সন্তান জন্ম দিছিল। গৰ্ভৱতী অৱস্থাতো অত্যন্ত সক্ৰিয় আছিল অনুষ্কা। এড শ্বুটৰ পৰা ফটোশ্বুটলৈ, সকলো কৰিছিল অভিনেত্ৰীগৰাকীয়ে। (ফটো : @AnushkaSharma instagram)