মাংসনো কাৰ প্ৰিয় নহয়! বহুতেই আকৌ মাংসৰ লিভাৰ খাই ভাল পায়। মাংস কিনাৰ সময়তো লিভাৰ অনাটো অভ্যাস বহুজনৰ। লিভাৰ খোৱাৰ ভাল দিশ যিদৰে আছে, সেইদৰে অতিৰিক্ত লিভাৰ খোৱাৰ ফলত শৰীৰৰ ক্ষতিও হয়। জন্তুৰ লিভাৰত কলেষ্টেৰলনৰ পৰিমাণ খুব বেছি। যিসকলৰ শৰীৰত কলেষ্টেৰল ইতিমধ্যেই বেছি, তেওঁলোকে পৰাপক্ষত লিভাৰ খাব নালাগে। হয়তো হৃদৰোগৰ আশংকা বাঢ়িব পাৰে। লিভাৰ খালে শৰীৰত প্ৰয়োজনৰ তুলনাত বেছি ভিটামিন জমা হ’ব পাৰে। এইক্ষেত্ৰত দেখা দিব ভিটামিন এ টক্সিচিটি। ফলত ভিটামিন এ প্ৰয়োজনৰ তুলনাত বাঢ়ি গৈ দেখা দিব পাৰে হাইপাৰভিটামাইনোছিছ। ভিটামিন এৰ ঘাটি পূৰণত চিকিৎসকসকলে লিভাৰ খোৱাৰ পৰামৰ্শ দিয়ে। কিন্তু সেয়াও পৰিমিত পৰিমাণত। তাৰ উপৰি কিছু ঔষধ নিয়মিত ল’লে ভিটামিন এৰ সৈতে বিক্ৰিয়াৰ সম্ভাৱনা থাকে। সেয়ে সেই সকলো ঔষধ নিয়মিত ল’লেও ডায়েটত লিভাৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব লাগিব। অন্তঃসত্ত্বা প্ৰক্ৰিয়াৰ প্ৰথম অংশত লিভাৰৰ পৰিমাণ পৰিমিত ৰাখিব লাগিব। এই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। মনোপজ হোৱা মহিলা, বয়োবৃদ্ধসকলৰ জায়েটত লিভাৰ কিমান কম থাকে, সিমানেই ভাল। শিশুৰ শৰীৰত ভিটামিন দৰকাৰ ঠিকেই, কিন্তু তেওঁলোকৰ ডায়েটতো লিভাৰ ৰাখক চিকিৎসকৰ পৰামৰ্শ মতেই। Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়ে বিস্তাৰিতভাৱে জানিবলৈ হ’লে বিশেষজ্ঞৰ পৰামৰ্শ লওক।