অমিতাভ বচ্চনৰ জীয়ৰী শ্বেতা বচ্চন নন্দা স্পট লাইটৰ পৰা বহু দূৰৈত থাকে। কিন্তু জীয়ৰী যিমানেই আঁতৰি থাকে, সিমানেই চৰ্চাত থাকে নাতিনী। সম্প্ৰতি ইনষ্টাগ্ৰাম একাউণ্ট পাব্লিক কৰিছে অমিতাভ বচ্চনৰ নাতিয়ে। লগে লগে ফটো ভাইৰেল হৈ পৰিল ছচিয়েল মিডিয়াত। নতুন বছৰত নব্যা নন্দাই তেওঁৰ বন্ধুৰ সৈতে তোলা আকৰ্ষণীয় ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। সোণালী ৰঙৰ পোছাক পৰিধান কৰি থকা দেখা গৈছে ফটোত। নব্যা নন্দাই বৰ্তমান সময়ত অত্যন্ত চৰ্চিত। নব্যাৰ প্ৰতিটো ছচিয়েল মিডিয়াৰ পোষ্টেই ভাইৰেল হৈ পৰে। আইতাক জয়া বচ্চনৰ সৈতেও ফটো শ্বেয়াৰ কৰিছে যুৱতীগৰাকীয়ে। নব্যা শ্বেতা আৰু নিখিল নন্দাৰ কন্যা। ইংলেণ্ডত আৰম্ভ কৰিছিল পঢ়া-শুনা। উচ্চতাৰ শিক্ষাৰ বাবে পৰ্চমান নিউয়ৰ্ক বিশ্ববিদ্যালয়ত ভৰ্তি হৈছে। নব্যা নন্দা বলীউদতো অন্যতম চৰ্চিত। নব্যাই স্বাস্থ্য সম্বন্ধীয় এটা পোৰ্টেলো পৰিচালনা কৰে।