আপুনি নিশ্চয় লক্ষ্য কৰিছে, এম্বুলেঞ্চৰ সন্মুখত ইংৰাজী আখৰত ‘এম্বুলেঞ্চ’ শব্দটো লিখা থাকে, কিন্তু আখৰবোৰ ওলোটাকৈ লিখা থাকে। ইয়াৰ কাৰণ কি? আমি যেতিয়া আইনাত কোনো বস্তুৰ প্ৰতিবিম্ব দেখো, তেতিয়া তাক আনুভূমিকভাৱে ওলোটা দেখো। গাড়ীৰ সন্মুখত যি লুকিং গ্লাছ থাকে তাত চালকে পিছফালে থকা গাড়ীৰ অৱস্থান দেখা পায়। এইবাৰ প্ৰশ্ন আহিব পাৰে, এম্বুলেঞ্চৰ বাবেতো নিৰ্ধাৰিত ছাইৰেন আছে, যাৰ জৰিয়তে সহজতে বুজা যায় এম্বুলেঞ্চ আহিছে বুলি, তেন্তে লিখাৰ প্ৰয়োজন কি? আচলতে, এম্বুলেঞ্চৰ জৰুৰী অৱস্থান বুজাবলৈ শ্ৰমণ আৰু দৃষ্টিশক্তি উভয়কে কামত লগোৱাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে।